বনভোজলৈ যোৱাৰ পূৰ্বে পৰ্টেলত কৰিব লাগিব পঞ্জীয়ন, অনুমতি লাভৰ পাছতহে যাব পাৰিব বনভোজলৈ

পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ সংবাদমেল
• শীঘ্ৰেই পৰিবহণ বিভাগে পথ সুৰক্ষাৰ সন্দৰ্ভত নতুন SOP (Standard Operating Procedure) প্ৰকাশ কৰিব।
• সকলো বাণিজ্যিক বাহনত বাধ্যতামূলকভাৱে SLD (Speed Limiting Device) সংস্থাপন কৰিব লাগিব।
• SLD নথকা বাহনৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে তেনে বাহনৰ চলাচল বন্ধ কৰা হ’ব।
• পথ সুৰক্ষাৰ নিয়ম বলৱৎ কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিশেষকৈ সুৰাপান কৰি গাড়ী চলোৱা (Drunk Driving) আৰু হেলমেট পৰিধান নকৰাৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱা হ’ব।
• এই অভিযানত আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকল জড়িত থাকিব।
• তিনিবাৰতকৈ অধিক যান-বাহন আইন উলংঘা কৰিলে চালকৰ অনুজ্ঞাপত্ৰ (Driving Licence) বাতিল কৰাৰ লগতে বাহনখনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ (RC)ও বাতিল কৰা হ’ব।
• প্ৰতিখন জিলাতে জিলা পৰ্যায়ৰ পথ সুৰক্ষা টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব।
• বনভোজলৈ যোৱাৰ ক্ষেত্ৰতো মানি চলিব লাগিব বিশেষ SOP।
• বনভোজলৈ যোৱাৰ পূৰ্বে নিৰ্দিষ্ট পৰ্টেলত আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব। অনুমতি লাভ কৰাৰ পাছতহে বনভোজলৈ যাব পাৰিব।
• পুৱতি নিশাতে বনভোজলৈ যোৱাৰ অনুমতি নাথাকিব। পুৱা ৭ বজাৰ পৰাহে বনভোজৰ যাত্ৰা আৰম্ভ কৰিব পাৰিব।
• দূৰৱৰ্তী স্থানৰ পৰিৱৰ্তে ওচৰৰ বনভোজস্থলীসমূহক অগ্ৰাধিকাৰ দিয়া হ’ব।
• হেলমেট পৰিধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। মটৰচাইকেলত আৰোহী আৰু চালক উভয়েই বাধ্যতামূলকভাৱে হেলমেট পৰিধান কৰিব লাগিব। বয়স বা আকাৰৰ কোনো পাৰ্থক্য নোহোৱাকৈ সকলো আৰোহীৰ বাবেই হেলমেট বাধ্যতামূলক হ’ব।
• নাবালকে বাহন চলোৱা ধৰা পৰিলে তেওঁলোকৰ অভিভাৱকক থানালৈ মাতি অনা হ’ব।
• ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত লোকক তাৎক্ষণিক চিকিৎসা সেৱা প্ৰদানৰ বাবে ঘাইপথৰ কাষৰীয়া গাঁওসমূহৰ বাসিন্দা আৰু ধাবাৰ কৰ্মচাৰীসকলক দুৰ্ঘটনাৰ সময়ত প্ৰাথমিক সহায় আগবঢ়োৱাৰ প্ৰশিক্ষণ দিয়া হ’ব।
• অতিৰিক্ত বোজা কঢ়িওৱা (Overloading) বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নিৰ্ধাৰিত আসনসংখ্যাতকৈ অধিক যাত্ৰী কঢ়িওৱাও নিষিদ্ধ কৰা হ’ব।
• পথ সুৰক্ষা আইন বলৱৎ কৰাৰ বাবে Enforcement Teamৰ সংখ্যা বৃদ্ধি কৰা হ’ব।
• আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলকো এই অভিযানৰ Enforcement ব্যৱস্থাত নিয়োজিত কৰা হ’ব। প্ৰায় ১,১০০গৰাকী কৰ্মচাৰীক এই ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে।
• কাজিৰঙাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত SLD সংস্থাপন কৰা আছিল। কিন্তু যন্ত্ৰটো কাৰ্যক্ষম অৱস্থাত আছিল নে নাই, সেই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ জিলাৰ উপায়ুক্ত নেহা যাদৱৰ ডাউন টাউন গুৰুকুল পৰিদৰ্শন

সোমবাৰে চৰাইদেউ জিলাৰ উপায়ুক্ত নেহা যাদৱে মৰাণহাটস্থিত ডাউন টাউন...