কাজিৰঙাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী চৰণ বড়োৱে।
দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ঘটনাৰ পৰা বহু কথা শিকিবলগীয়া আছে। প্ৰত্যাহ্বান হিচাপে লৈ চৰকাৰে পথ সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, কালি পথ সুৰক্ষাৰ বিষয়টোক লৈ আৰক্ষী, জিলা পৰিবহণ বিষয়া (DTO) আৰু আৰক্ষী সঞ্চালক প্ৰধান (DGP)ৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অতি শীঘ্ৰেই পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষাৰ বাবে নতুন SOP প্ৰকাশ কৰা হ’ব।
নতুন ব্যৱস্থা অনুসৰি, সকলো বাণিজ্যিক বাহনত স্পীড লিমিট ডিভাইচ (SLD) থকাটো বাধ্যতামূলক কৰা হ’ব। SLD নথকা বাহনৰ ওপৰত জৰিমনা বিহাৰ লগতে তেনে বাহন পথত চলাচল কৰিব নোৱাৰিব। কাজিৰঙাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনতো SLD সংলগ্ন হৈ আছিল যদিও সেয়া কাৰ্যক্ষম অৱস্থাত আছিল নে নাই, সেই সন্দৰ্ভত তদন্ত চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে, পথ সুৰক্ষা আইন বলৱৎ কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব প্ৰশাসন। বিশেষকৈ ড্ৰাংক এণ্ড ড্ৰাইভিং, হেলমেট অবিহনে বাইক চলোৱা, অভাৰলোডিং আৰু বাহনত অতিৰিক্ত যাত্ৰী কঢ়িওৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষী আৰু পৰিবহণ বিভাগে যুটীয়াভাৱে এই অভিযান চলাব। কোনো চালকে তিনিবাৰতকৈ অধিক যান-বাহন আইন উলংঘা কৰিলে তেওঁৰ ড্ৰাইভিং লাইচেন্সৰ লগতে বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ (RC) বাতিল কৰাৰ ব্যৱস্থাও কৰা হ’ব।
প্ৰতিখন জিলাতে গঠন কৰা হ’ব Road Safety Task Force। লগতে পথত আইন উলংঘা ৰোধ কৰিবলৈ Enforcement Teamৰ সংখ্যা বৃদ্ধি কৰা হ’ব। এই অভিযানত Inland Water Transport বিভাগৰ প্ৰায় ১১০০ কৰ্মচাৰীকো জড়িত কৰা হ’ব।
বনভোজৰ নামত হোৱা পথ দুৰ্ঘটনা ৰোধৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নতুন SOP অনুসৰি, বনভোজলৈ যাব বিচৰা দলসমূহে আগতীয়াকৈ নিৰ্ধাৰিত পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। প্ৰশাসনৰ অনুমতি লাভ কৰাৰ পিছতহে বনভোজলৈ যাব পাৰিব।
পুৱা ৭ বজাৰ পূৰ্বে বনভোজৰ যাত্ৰা আৰম্ভ কৰাৰ অনুমতি নাথাকিব। লগতে দূৰৱৰ্তী স্থানৰ পৰিৱৰ্তে ওচৰৰ বনভোজস্থলী বাছনি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব।
হেলমেট পৰিধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিব চৰকাৰে। বাইক চালকৰ লগতে বাইকত পিছফালে বহি যোৱা আৰোহীয়েও বাধ্যতামূলকভাৱে হেলমেট পৰিধান কৰিব লাগিব। সৰু-ডাঙৰ সকলোৰে ক্ষেত্ৰতে এই নিয়ম প্ৰযোজ্য হ’ব।
আনহাতে, নাবালকে বাহন চলোৱা অৱস্থাত ধৰা পৰিলে সংশ্লিষ্ট অভিভাৱকক থানালৈ মাতি অনা হ’ব আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ৰাষ্ট্ৰীয় ঘাইপথসমূহত দুৰ্ঘটনাগ্ৰস্ত লোকক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ লক্ষ্যৰে ঘাইপথৰ কাষৰীয়া গাঁৱৰ বাসিন্দা আৰু ধাবাসমূহৰ কৰ্মচাৰীক বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব। যাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আহত লোকসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পৰা যায়।
কাজিৰঙাৰ শোকাৱহ ঘটনাৰ পিছতে পথ সুৰক্ষাক অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপসমূহে ৰাজ্যৰ পথ দুৰ্ঘটনা হ্ৰাস কৰাত কিমানদূৰ সহায় কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
