পশ্চিমবংগৰ বীৰভূম জিলাৰ শান্তিনিকেতনত আৰক্ষীৰ কনিষ্টবলৰ ওপৰত গুলীচালনা কৰা অভিযুক্ত ৰতন শ্বেখ আৰক্ষীৰে হোৱা গুলীয়াগুলীত নিহত হয়। দেওবাৰে সংঘটিত এই ঘটনাৰ কথা সদৰী কৰে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই।
উল্লেখ্য যে, যোৱা ১৩ নৱেম্বৰত শান্তিনিকেতনৰ লাইকৰ বজাৰত ৰতন শ্বেখক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উঠিছিল। এই ঘটনাত বিশ্বজিৎ দাস নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ বাওঁ ভৰিত গুলী লাগি আহত হৈছিল। তাৰ পিছৰে পৰা পলাতক হৈ আছিল অভিযুক্ত ৰতন শ্বেখ।
দেওবাৰে পূৰ্ব বৰ্ধমান জিলাৰ নবাবহাট অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩৬টাকৈ অপৰাধমূলক গোচৰত অভিযুক্ত ৰতন শ্বেখক। পৰৱৰ্তী সময়ত গুলীচালনাত ব্যৱহৃত আগ্নেয়াস্ত্ৰ উদ্ধাৰৰ বাবে তেওঁক বীৰভূমৰ নানুৰৰ চৰাকোল গাঁৱৰ এটা ইটাভাটালৈ লৈ যায় আৰক্ষীৰ দলটোৱে।
সেই সময়তে লুকুৱাই ৰখা আগ্নেয়াস্ত্ৰ উলিয়াই আৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰে ৰতন শ্বেখে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত গুলীবিদ্ধ হয় অভিযুক্তজন। ততাতৈয়াকৈ তেওঁক নানুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে বিয়লি প্ৰায় ৫.৪৫ বজাত মৃত ঘোষণা কৰে। পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বোলপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ঘটনাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী সুৱেন্দু অধিকাৰীয়ে কয় যে ৰতন শ্বেখ এগৰাকী কুখ্যাত অপৰাধী আৰু তেওঁৰ বিৰুদ্ধে ৩৬টাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছিল। আৰক্ষীৰ ওপৰত কোনোবাই গুলীচালনা কৰিলে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবই লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে অপৰাধমূলক কাৰ্যকলাপত জড়িত লোকসকলক কঠোৰ সকীয়নি প্ৰদান কৰি পশ্চিমবংগত ধৰ্ষণকাৰী, গুণ্ডা আৰু হত্যাকাৰীৰ কোনো স্থান নাই বুলি মন্তব্য কৰে তেওঁ।
উল্লেখযোগ্য যে বিজেপিয়ে পশ্চিমবংগত ক্ষমতা দখল কৰাৰ পাছত বিগত ছমাহত ৰাজ্যখনত সংঘটিত এয়া পঞ্চমটো আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা।
