বাৰে বাৰে উজ্জ্বল হৈ উঠে বিশাল নক্ষত্ৰ, ১১৩ দিনৰ মূৰে মূৰে ঘটে বিস্ফোৰণ; বিশালকায় নক্ষত্ৰৰ ৰহস্য ভেদ NASAৰ

বিশালকায় এটা নক্ষত্ৰৰ বাৰে বাৰে উজ্জ্বল হৈ উঠা আৰু পুনৰ ম্লান হৈ পৰাৰ ৰহস্যৰ সমাধান বিচাৰি উলিয়াইছে জ্যোতিৰ্বিজ্ঞানীসকলে। NASAৰ ‘চন্দ্ৰ এক্স-ৰে অবজাৰভেটৰী’ৰ তথ্য অনুসৰি, নক্ষত্ৰটোৰ কাষতে লুকাই আছে আন এটা অদৃশ্য মহাজাগতিক বস্তু। দুয়োটাই পৰস্পৰে পৰস্পৰক প্ৰদক্ষিণ কৰাৰ সময়ত প্ৰতি ১১৩ দিনৰ মূৰে মূৰে অতি ওচৰ চাপি আহে। ইয়াৰ ফলতেই নক্ষত্ৰটো বাৰে বাৰে উজ্জ্বল হৈ উঠে আৰু পুনৰ ম্লান হৈ পৰে।

‘দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্নেল’ত প্ৰকাশ পাইছে এই নতুন গৱেষণাৰ তথ্য। বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি, নক্ষত্ৰটোৰ অদৃশ্য সংগী প্ৰকৃততে এটা কৃষ্ণগহ্বৰ (Black Hole) অথবা নিউট্ৰন ষ্টাৰ (Neutron Star) হ’ব পাৰে। উল্লেখ্য যে, বিশালকায় নক্ষত্ৰৰ ধ্বংসৰ পিছত অৱশিষ্ট হিচাপে ৰৈ যোৱা অতি ঘন পদাৰ্থৰে গঠিত মহাজাগতিক বস্তুক নিউট্ৰন ষ্টাৰ বুলি কোৱা হয়।

এই আৱিষ্কাৰৰ আন এক বিশেষত্ব হৈছে, প্ৰথমবাৰৰ বাবে এনে এটা ‘ছুপাৰনোভা ইম্পোষ্টাৰ’ নক্ষত্ৰৰ পৰা এক্স-ৰে নিৰ্গত হোৱা প্ৰত্যক্ষ কৰা হৈছে। লগতে এনে নক্ষত্ৰৰ সংগী হিচাপে কৃষ্ণগহ্বৰ অথবা নিউট্ৰন ষ্টাৰৰ সন্ধানো প্ৰথমবাৰৰ বাবে পোৱা গৈছে।

পৃথিৱীৰ পৰা প্ৰায় ৩ কোটি আলোকবৰ্ষ দূৰত অৱস্থিত ‘NGC 4559’ নামৰ তাৰকাৰাজ্যখনত আছে এই ৰহস্যময় নক্ষত্ৰটো। ইয়াৰ নাম ‘AT 2016blu’। নক্ষত্ৰটোৰ ভৰ সূৰ্যৰ ভৰৰ তুলনাত কমেও ৩৩ গুণ অধিক। ই অতি উত্তপ্ত আৰু বিশালকায় ‘লুমিনাছ ব্লু ভেৰিয়েবল’ (Luminous Blue Variable) শ্ৰেণীৰ নক্ষত্ৰ।

কিন্তু এই নক্ষত্ৰটোৰ বিশেষত্ব হৈছে ইয়াৰ উজ্জ্বলতা অতি দ্ৰুতগতিত আৰু বাৰে বাৰে বৃদ্ধি পায়। ‘AT 2016blu’ৰ এই উজ্জ্বল হৈ উঠা আৰু পুনৰ ম্লান হৈ পৰাৰ পৰিঘটনা দেখাত নক্ষত্ৰৰ মৃত্যুৰ সময়ত হোৱা ছুপাৰনোভা বিস্ফোৰণৰ সৈতে প্ৰায় একে। অৱশ্যে ছুপাৰনোভাৰ দৰে এই নক্ষত্ৰটো ধ্বংস নহয়। সেয়েহে বিজ্ঞানীসকলে ইয়াক ‘ছুপাৰনোভা ইম্পোষ্টাৰ’ অৰ্থাৎ নকল ছুপাৰনোভা বুলি অভিহিত কৰিছে।

২০১২ চনৰ পৰা ২০২৬ চনলৈ গৱেষকসকলে এই নক্ষত্ৰটোৰ পৰা কমেও ২৭বাৰ উজ্জ্বল পোহৰ নিৰ্গত হোৱা পৰ্যবেক্ষণ কৰিছে। প্ৰতিবাৰেই প্ৰায় ১১৩ দিনৰ ব্যৱধানত এই পৰিঘটনা সংঘটিত হৈছে।

এই গৱেষণাৰ নেতৃত্ব দিছে ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ গৱেষক মোজগান আঘাখানলুৱে। তেওঁৰ মতে, যোৱা প্ৰায় ১৫ বছৰ ধৰি বিজ্ঞানীসকলে নক্ষত্ৰটোৰ এই অস্বাভাৱিক পৰিৱৰ্তন লক্ষ্য কৰি আহিছিল। কিন্তু উপযুক্ত সময়ত ‘চন্দ্ৰ’ টেলিস্কোপৰ তথ্য লাভ নকৰাৰ বাবে ইয়াৰ প্ৰকৃত কাৰণ উদঘাটন কৰাটো সম্ভৱ হোৱা নাছিল।

গৱেষণাৰ সহ-লেখিকা নুৰিয়া টৰেছ-আলবাই জনোৱা মতে, নক্ষত্ৰটোৱে প্ৰতিবাৰেই ছুপাৰনোভাৰ দৰে আচৰণ কৰিও ধ্বংসৰ পৰা ৰক্ষা পৰিছিল। সেয়েহে ইয়াৰ উজ্জ্বল অৱস্থাত এক্স-ৰে নিৰ্গমনৰ পৰ্যবেক্ষণ কৰাটো অতি প্ৰয়োজনীয় আছিল।

‘AT 2016blu’ নক্ষত্ৰটোৰ একেবাৰে কাষতে আছে আন এটা উজ্জ্বল এক্স-ৰে উৎস। এই দুয়োটা উৎসক পৃথককৈ চিনাক্ত কৰি পৰ্যবেক্ষণ কৰাৰ ক্ষমতা কেৱল ‘চন্দ্ৰ এক্স-ৰে অবজাৰভেটৰী’ৰহে আছে।

২০২৬ চনৰ মাৰ্চ মাহত নক্ষত্ৰটো উজ্জ্বল হৈ উঠাৰ সময়তে চন্দ্ৰ টেলিস্কোপে ইয়াক পৰ্যবেক্ষণ কৰে। সেই সময়ত দেখা যায় যে ২০০১ আৰু ২০০২ চনৰ তুলনাত নক্ষত্ৰটোৰ পৰা নিৰ্গত হোৱা এক্স-ৰেৰ উজ্জ্বলতা কমেও ১০০ গুণ বৃদ্ধি পাইছে।

বিজ্ঞানীসকলৰ মতে, নক্ষত্ৰটো আৰু ইয়াৰ অদৃশ্য সংগীয়ে উপবৃত্তাকাৰ কক্ষপথেৰে পৰস্পৰক প্ৰদক্ষিণ কৰে। যেতিয়া দুয়োটা আটাইতকৈ ওচৰ চাপি আহে, তেতিয়াই মূল পৰিঘটনাটো সংঘটিত হয়। কৃষ্ণগহ্বৰ অথবা নিউট্ৰন ষ্টাৰটোৱে নক্ষত্ৰটোৰ পৰা নিৰ্গত হোৱা পদাৰ্থ নিজৰ ফালে আকৰ্ষণ কৰি টানি নিয়ে। ইয়াৰ ফলত এক্স-ৰে নিৰ্গমন বৃদ্ধি পায় আৰু পৃথিৱীৰ পৰা সমগ্ৰ পৰিঘটনাটো বিস্ফোৰণৰ দৰে দেখা যায়।

এই আৱিষ্কাৰে কেৱল এটা ৰহস্যময় নক্ষত্ৰৰ আচৰণৰ কাৰণেই উদঘাটন কৰা নাই, বৰং মহাকাশ বিজ্ঞানৰ এক জটিল প্ৰশ্নৰ নতুন উত্তৰো আগবঢ়াইছে।

বিজ্ঞানীসকলৰ মতে, ‘AT 2016blu’ নক্ষত্ৰটো সম্ভাৱ্য ‘আল্ট্ৰা-লুমিনাছ এক্স-ৰে ছ’ৰ্চ’ (Ultra-luminous X-ray Source) অৰ্থাৎ অতি উজ্জ্বল এক্স-ৰেৰ উৎস হ’ব পাৰে। মহাকাশত থকা এনে বিৰল আৰু অত্যন্ত উজ্জ্বল বস্তুসমূহৰ বিষয়ে বিজ্ঞানীসকলে এতিয়াও বিস্তৃত গৱেষণা অব্যাহত ৰাখিছে।

এই নতুন আৱিষ্কাৰে নক্ষত্ৰৰ জীৱনচক্ৰ, কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সৈতে ইয়াৰ সম্পৰ্ক তথা মহাকাশত সংঘটিত হোৱা অস্বাভাৱিক শক্তিশালী পৰিঘটনাসমূহৰ বিষয়ে অধিক জানিবলৈ বিজ্ঞানীসকলক নতুন দিশ দেখুৱাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...