হঠাৎ বিমানৰ কেবিনত ভয়ংকৰ বিস্ফোৰণ। একো বুজি পোৱাৰ আগতেই আকাশৰ মাজতে তিনিটুকুৰা হৈ ভাঙি পৰে বিমানখন। প্ৰায় ৩৩ হাজাৰ ফুট উচ্চতাৰ পৰা বিমানখনৰ খণ্ড-বিখণ্ড অংশ সৰি পৰে তললৈ। এই ভয়ংকৰ দুৰ্ঘটনাত বিমানখনৰ সকলো যাত্ৰী, পাইলট আৰু ক্ৰুৰ মৃত্যু হয়। কিন্তু আশ্চৰ্যজনকভাৱে জীৱিত অৱস্থাত উদ্ধাৰ হয় এগৰাকী বিমান পৰিচাৰিকা। নাম ভেছনা ভুলোভিচ (Vesna Vulovic)। ইমান উচ্চতাৰ পৰা পৰিও কেনেকৈ প্ৰাণ ৰক্ষা পৰিছিল ভেছনাৰ?
১৯৭২ চনৰ ২৬ জানুৱাৰী। তেতিয়া মাত্ৰ ২৩ বছৰীয়া ভেছনা আছিল যুগোশ্লোভিয়াৰ JAT এয়াৰলাইন্সৰ এগৰাকী বিমান পৰিচাৰিকা। সেইদিনাও নিয়ম অনুসৰি পুৱা বিমানবন্দৰত উপস্থিত হৈছিল তেওঁ। কিন্তু সেইদিনাৰ কৰ্তব্য তালিকাত তেওঁৰ নাম আন এগৰাকী বিমান পৰিচাৰিকাৰ নামৰ সৈতে সলনি হৈ পৰিছিল। ফলত তেওঁক ষ্টকহোমৰ পৰা বেলগ্ৰেড অভিমুখী মেকডনেল ডগলাছ DC-9 বিমানখনত কৰ্তব্য পালনৰ বাবে পঠিওৱা হৈছিল।
বিমানখন উৰণৰ কিছু সময়লৈকে সকলো স্বাভাৱিক আছিল। কিন্তু হঠাৎ বিমানখনৰ কেবিনত প্ৰচণ্ড বিস্ফোৰণ ঘটে। ভেছনাই একো বুজি পোৱাৰ আগতেই মেকডনেল ডগলাছ DC-9 বিমানখন আকাশৰ মাজতে তিনিটুকুৰা হৈ ভাঙি পৰে। এই দুৰ্ঘটনাত বিমানখনৰ ২৮ জন যাত্ৰীৰ মৃত্যু হয়। কিন্তু অলৌকিকভাৱে প্ৰাণ ৰক্ষা পৰে ভেছনাৰ। কেনেকৈ সম্ভৱ হৈছিল এয়া?
বিভিন্ন প্ৰতিবেদন অনুসৰি, বিমানখনৰ পিছফালৰ অংশত থকা খাদ্য পৰিৱেশন কৰা ট্ৰলিখনৰ সৈতে আৱদ্ধ হৈ পৰিছিল ভেছনা। সৌভাগ্যক্ৰমে বিমানখনৰ সেই অংশটো বৰফেৰে আবৃত ঘন অৰণ্যৰ মাজত পৰিছিল। ফলত বিমানখনৰ আন অংশসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত হ’লেও পিছফালৰ অংশটোৰ বিশেষ ক্ষতি হোৱা নাছিল। এই কাৰণেই ইমান ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো জীৱিত অৱস্থাত উদ্ধাৰ হৈছিল তেওঁ।
অৱশ্যে এই দুৰ্ঘটনাত ভেছনাৰ মূৰ, ভৰি আৰু মেৰুদণ্ডত গুৰুতৰ আঘাত লাগিছিল। তেওঁ বহুদিনলৈ ক’মাতো আছিল। প্ৰায় ১০ মাহ ধৰি খোজ কাঢ়িব পৰা নাছিল। দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত অৱশেষত সুস্থ হৈ উঠিছিল ভেছনা।
পৰৱৰ্তী সময়ত ভেছনাই জনাইছিল যে বিমান দুৰ্ঘটনাৰ পিছত ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ তেওঁ যন্ত্ৰণাত চিঞৰি আছিল। তেওঁৰ চিঞৰ শুনি স্থানীয় বাসিন্দা ব্ৰুনো হংকে তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁ পেছাত এগৰাকী চিকিৎসক আছিল। দুৰ্ঘটনাস্থলীতে ভেছনাক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল তেওঁ। পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
১৯৮৫ চনত সৰ্বাধিক উচ্চতাৰ পৰা পৰিও জীৱিত থকাৰ বাবে ভেছনাৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হয়। কিন্তু এই অভিলেখেও তেওঁৰ জীৱনৰ গভীৰ দুখ আৰু যন্ত্ৰণাৰ স্মৃতি মচি পেলাব পৰা নাছিল।
