গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ বিমান আক্ৰমণ, নিহত কমেও ৪ জন, আহত কেইবাজনো

দক্ষিণ গাজাৰ খান ইউনিছ চহৰৰ নাছেৰ চিকিৎসালয়ত ইজৰাইলৰ বিমান আক্ৰমণ। বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই আক্ৰমণত কমেও ৪জন লোকৰ মৃত্যু হৈছে। আনহাতে, গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক। অৱশ্যে এই আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলী সেনাবাহিনীৰ ফালৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

ইয়াৰ পূৰ্বে বুধবাৰে পশ্চিম গাজাত ইজৰাইলৰ বিমান আক্ৰমণত তিনিজন পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছিল। সূত্ৰ অনুসৰি, আল-জালা ষ্ট্ৰীটৰ এটা তম্বুত বোমা পৰাৰ ফলত ২জন লোকৰ মৃত্যু হয়। আহতসকলক উদ্ধাৰ কৰি আল-শ্বিফা চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে আহত লোকৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই।

আনহাতে, আল-নাছৰ অঞ্চলত নিজৰ ঘৰৰ ছাদত থকা অৱস্থাত ইজৰাইলী ড্ৰোনৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়।

গাজা চহৰৰ আল-দাৰাজ অঞ্চলৰ মুছা বিন নুছেইৰ বিদ্যালয়ত মঙলবাৰে ইজৰাইলৰ বোমাবৰ্ষণত ৫২ বছৰীয়া এজন পেলেষ্টাইনী নাগৰিক গুৰুতৰভাৱে আহত হৈছিল। চিকিৎসাধীন অৱস্থাত বুধবাৰে তেওঁৰ মৃত্যু হয়।

ইয়াৰ উপৰি খান ইউনিছৰ মধ্য আৰু দক্ষিণ অংশত ইজৰাইলী বাহিনীয়ে ব্যাপক গুলীচালনা কৰে। একে সময়তে মধ্য গাজাৰ আল-বুৰেইজ শৰণাৰ্থী শিবিৰৰ উত্তৰ অংশতো গোলাবৰ্ষণ কৰা হয়।

আনহাতে, গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, যোৱা ২৪ ঘণ্টাত গাজা উপত্যকাৰ বহুকেইখন চিকিৎসালয়লৈ ৮টা মৃতদেহ আৰু ২৯ জন আহত লোকক অনা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...