জম্মু-কাশ্মীৰত সন্ধানহীন দুই আৰক্ষী বিষয়াৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱাৰ সন্দেহ

জম্মু-কাশ্মীৰৰ কুলগামত চি আৰ পি এফৰ শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে এইবাৰ কিষ্টৱাৰত উদ্ধাৰ হৈছে সন্ধানহীন হৈ থকা স্পেচিয়েল অপাৰেচনছ গ্ৰুপ (SOG)ৰ দুই আৰক্ষী বিষয়াৰ গুলীবিদ্ধ মৃতদেহ। বৃহস্পতিবাৰে পুৱা কিষ্টৱাৰ জিলাৰ ধেৰনা চকী এলেকাৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ দুটা। প্ৰাথমিকভাৱে সন্ত্ৰাসবাদীৰ আক্ৰমণত দুয়োগৰাকী নিহত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তা বাহিনীয়ে।

আৰক্ষী সূত্ৰ অনুসৰি, নিহত দুগৰাকী হৈছে ৫৭ বছৰীয়া ববি চান্দ আৰু ৪৫ বছৰীয়া ৰশপাল কুমাৰ ওৰফে ৰিশিপাল। তেওঁলোক দাচ্ছান অঞ্চলৰ কিয়াৰ গাঁৱত কৰ্মৰত আছিল। বুধবাৰে দুপৰীয়াৰ পৰাই তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাছিল।

উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ ভিতৰত এজনৰ মূৰত আৰু আনজনৰ পিঠিত গুলীৰ আঘাতৰ চিন পোৱা গৈছে। আৰক্ষীয়ে জনোৱা মতে, দুয়োগৰাকী বিষয়াৰ লগত এটা INSAS ৰাইফল আৰু এটা .303 ৰাইফল আছিল। কিন্তু উদ্ধাৰৰ সময়ত অস্ত্ৰ দুটা তেওঁলোকৰ লগত পোৱা নগ’ল। সেয়ে কোনো দুৰ্বৃত্তই দুয়োগৰাকীক হত্যা কৰি অস্ত্ৰ দুটা লৈ পলায়ন কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে দুপৰীয়া কিয়াৰ গাঁৱৰ পৰা ধেৰনা-মাৰৱাহ অঞ্চলৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ শিবিৰলৈ গৈ আছিল দুয়োগৰাকী আৰক্ষী বিষয়া। সেনাৰ এটা আউটপোষ্টত কৰ্মৰত জোৱানসকলৰ স্থানত দায়িত্ব গ্ৰহণ কৰিবলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছিল। কিন্তু নিৰ্ধাৰিত সময়ত তেওঁলোক শিবিৰত উপস্থিত নোহোৱাত আৰক্ষী আৰু সেনাই অনুসন্ধান আৰম্ভ কৰে।

পৰৱৰ্তী সময়ত SOGৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত সন্ধিয়া প্ৰায় ৭ বজাত আন এটা দলে অভিযান আৰম্ভ কৰে। উল্লেখ্য যে, যিটো অঞ্চলৰ পৰা দুয়োগৰাকী সন্ধানহীন হৈছিল, সেই অঞ্চলটো ওখ পাহাৰ আৰু ঘন জংঘলেৰে আৱৰা। অভিযান চলি থকাৰ সময়ত কেইবাবাৰো গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিল বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে, আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, সন্ধানহীন হোৱাৰ পিছতো কিছু সময়লৈকে দুয়োগৰাকী বিষয়াৰ ম’বাইল ফোন সক্ৰিয় হৈ আছিল। কিন্তু পৰৱৰ্তী সময়ত দুয়োটা ফোন বন্ধ হৈ পৰে।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। দুয়োগৰাকী আৰক্ষী বিষয়াৰ হত্যাৰ আঁৰত সন্ত্ৰাসবাদীৰ হাত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...