আমেৰিকাৰ সৈতে পুনৰ আলোচনাত বহিবলৈ আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সাতটা চৰ্ত বান্ধি দিছে ইৰানে। ৱাশ্বিংটনে এই চৰ্তসমূহ মানি নোলোৱালৈকে হৰমুজ প্ৰণালী মুকলি নকৰাৰ লগতে কোনো আলোচনাত বহিবলৈ সন্মত নহয় তেহৰাণ।
ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে স্পষ্ট কৰি দিছে যে এতিয়া পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ দায়িত্ব আমেৰিকাৰ ওপৰত। আল জাজিৰাক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে ইৰানে ইতিমধ্যে নিজৰ দাবীসমূহ স্পষ্ট কৰি আমেৰিকালৈ প্ৰেৰণ কৰিছে যদিও এতিয়ালৈকে ৱাশ্বিংটনৰ পৰা কোনো নিৰ্দিষ্ট উত্তৰ লাভ কৰা নাই। তেওঁৰ মতে, এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আমেৰিকাই।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পুনৰ ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে গালিবাফে। ট্ৰাম্পে পুনৰ যুদ্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিলে এইবাৰো পৰাজয়ৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য কৰে তেওঁ।
আনহাতে, ইৰানৰ জ্যেষ্ঠ নিৰাপত্তা বিষয়া মহছেন ৰেজাইয়েও বৰ্তমান তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত কোনো আলোচনা চলি থকা নাই বুলি স্পষ্ট কৰি দিছে। লেবাননস্থিত আল-মায়াদিন টেলিভিছনক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে আমেৰিকাৰ পৰা ইৰানৰ দাবীসমূহৰ সন্দৰ্ভত স্পষ্ট উত্তৰ লাভ কৰাৰ বাবে অপেক্ষা কৰি আছে তেহৰাণে। ৰয়টাৰ্ছেও এই তথ্য প্ৰকাশ কৰিছে।
উল্লেখ্য যে, সোমবাৰে হোৱাইট হাউছত কাটাৰৰ মধ্যস্থতাকাৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। অৱশ্যে ইৰানে আগবঢ়োৱা যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই আমেৰিকাই।
ইফালে, মধ্যপ্ৰাচ্যৰ বাহিৰত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ভাবুকি দিছে মহছেন ৰেজাইয়ে। তেওঁৰ মতে, ইউৰোপৰ কোনো দেশ অথবা আন দূৰৱৰ্তী অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটিৰ পৰা ইৰানৰ বিৰুদ্ধে বিমান আক্ৰমণ চলোৱা হ’লে সেই ঘাটিসমূহতো প্ৰত্যাক্ৰমণ চলাব তেহৰাণে। আনকি আমেৰিকাই ইৰানৰ ক্ষেপণাস্ত্ৰৰ আওতাৰ বাহিৰত বুলি ভবা দূৰৱৰ্তী সামৰিক ঘাটি আৰু দ্বীপসমূহো আক্ৰমণৰ লক্ষ্য হ’ব পাৰে বুলি সকীয়াই দিয়ে তেওঁ।
ইৰানৰ দাবীসমূহৰ ভিতৰত আছেঃ আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ, বিদেশত আৱদ্ধ হৈ থকা ইৰানৰ সম্পদ মুকলি কৰি দিয়া, ইৰানৰ বন্দৰসমূহৰ ওপৰত থকা আমেৰিকাৰ নৌ-অৱৰোধৰ অৱসান, যুদ্ধৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ প্ৰদান আৰু লেবাননকে ধৰি মধ্যপ্ৰাচ্যৰ বিভিন্ন যুদ্ধক্ষেত্ৰত চলি থকা সংঘাতৰ অৱসান।
‘The Associated Press’_ৰ প্ৰতিবেদন অনুসৰি, ইৰানৰ প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে আমেৰিকাই দাবীসমূহ মানি লোৱাৰ ষষ্ঠ দিনা হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা হ’ব পাৰে। ইয়াৰ পিছদিনাৰ পৰা চূড়ান্ত চুক্তি সন্দৰ্ভত আলোচনা আৰম্ভ কৰাৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে।
অৱশ্যে, ইৰানে এতিয়ালৈকে সাতটা চৰ্তৰ সম্পূৰ্ণ তালিকা ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই। ফলত হৰমুজ প্ৰণালীৰ ভৱিষ্যৎ আৰু আমেৰিকা-ইৰানৰ মাজত আলোচনাৰ সম্ভাৱনাক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত উৎকণ্ঠা অব্যাহত আছে।
