কয়লা ব্যৱসায়ী নবীন সিংঘলৰ প্ৰতিষ্ঠানত GST Intelligenceৰ অভিযান, উদ্ধাৰ ২.৫ কোটি টকাৰ কৰ

কয়লা ব্যৱসায়ী নবীন কুমাৰ গুপ্তা ওৰফে নবীন সিংঘলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত GST Intelligenceৰ বৃহৎ অভিযান। ৭দিন ধৰি চলা তদন্ত আৰু অভিযানৰ অন্তত তদন্তকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ২.৫ কোটি টকাৰ কৰ।

বুধবাৰে নবীন সিংঘলে ৰাজ্য চৰকাৰক কৰ আৰু জৰিমনা হিচাপে মুঠ ২.৫ কোটি টকা জমা দিয়ে। অধীক্ষক মনোজ কুমাৰ দুৱৰীৰ নেতৃত্বত চলা এই অভিযান বুধবাৰে নিশা প্ৰায় ১২.৩০ বজালৈ অব্যাহত থাকে।

অৱশ্যে, তদন্তকাৰী সূত্ৰৰ মতে, নবীন সিংঘলৰ পৰা এতিয়াও বৃহৎ পৰিমাণৰ কৰ আদায় হ’বলৈ বাকী আছে। অভিযোগ অনুসৰি, মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজ আৰু মহালক্ষ্মী গ্ৰুপৰ একাধিক নথি-পত্ৰত জালিয়াতিৰ আশ্ৰয় লৈ বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়া হৈছিল।

তদন্তকাৰী দলটোৱে সংশ্লিষ্ট নথি-পত্ৰসমূহৰ আসোঁৱাহ দূৰ কৰাৰ বাবে নবীন সিংঘলক এমাহৰ সময়সীমা বান্ধি দিছে। এই সময়ছোৱাৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰি অনিয়মসমূহৰ স্পষ্টীকৰণ দিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

ইফালে, এনে ধৰণৰ কৰ ফাঁকিৰ সৈতে জড়িত আন কেইবাগৰাকীও ব্যৱসায়ীক ইতিমধ্যে GST Intelligence-এ চিনাক্ত কৰিছে। অনাগত দিনত এই ব্যৱসায়ীসকলৰ বিৰুদ্ধেও তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে।

সাতদিনীয়া অভিযানৰ অন্তত ২.৫ কোটি টকাৰ কৰ আৰু জৰিমনা আদায় হোৱাৰ পিছতো বৃহৎ পৰিমাণৰ কৰ বাকী থকাক লৈ নবীন সিংঘলৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে GST Intelligenceৰ তদন্তই বিশেষ তাৎপৰ্য লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...