পুৱাই সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত আহত কেইবাগৰাকীও যাত্ৰী। উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীলৈ ৰাওনা উদ্ধাৰকাৰী দল আৰু ৰে’ল বিভাগৰ কৰ্মচাৰী।
মহানগৰী গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ডিগাৰুত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। চাইৰাং এক্সপ্ৰেছ ৰে’লখনৰ ইঞ্জিনসহ কেইবাটাও দবা লাইনচ্যুত হোৱাৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

আজি পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ কেইবাটাও দবা ৰে’লপথৰ পৰা ওলাই বহু দূৰলৈ বাগৰি পৰে। এই ঘটনাত কেইবাগৰাকীও যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল আৰু ৰে’ল বিভাগৰ কৰ্মচাৰী ৰাওনা হৈছে। আহত যাত্ৰীসকলক উদ্ধাৰ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলোৱা হৈছে।

দুৰ্ঘটনাৰ কাৰণ আৰু ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
