ইৰাণত পুনৰ সামৰিক আক্ৰমণ বিচাৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে! আনহাতে, যুদ্ধৰ পৰিৱৰ্তে আলোচনাৰ পোষকতা আৰব ৰাষ্ট্ৰসমূহৰ। নতুন আক্ৰমণৰ বিৰুদ্ধে ইৰাণৰো কঠোৰ সকীয়নি।
ইৰাণক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক পৰিস্থিতি। ইৰাণৰ বিৰুদ্ধে নতুনকৈ সামৰিক আক্ৰমণ আৰম্ভ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰতিদিনে ফোন কৰি আহিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। ব্ৰিটিছ সংবাদ মাধ্যম ‘দ্য ফাইনেন্সিয়েল টাইমছ’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য।
প্ৰতিবেদন অনুসৰি, আলোচনাৰ বিষয়ে অৱগত এগৰাকী ব্যক্তিয়ে দাবী কৰিছে যে নেতান্যাহুৱে প্ৰতিদিনে ট্ৰাম্পক ফোন কৰি ইৰাণৰ বিৰুদ্ধে পুনৰ যুদ্ধ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে হোৱাইট হাউছৰ ভিতৰত আৰু বাহিৰত যুদ্ধ নিবিচৰা একাংশ লোকে এনে প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ চেষ্টা চলাইছে।
উক্ত সূত্ৰটোৱে লগতে প্ৰকাশ কৰা অনুসৰি, আঞ্চলিক নেতাসকলে ট্ৰাম্পক উত্তেজনা বৃদ্ধি কৰাৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সমস্যা সমাধানত গুৰুত্ব দিবলৈ আহ্বান জনাইছে।
ইফালে, কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান আল থানিৰ সৈতে আলোচনাৰ পাছত ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণৰ সম্ভাৱনা কম বুলি মন্তব্য কৰে। উল্লেখ্য যে, আমেৰিকা আৰু ইৰাণৰ মাজত অস্থায়ী চুক্তি সম্পাদনৰ বাবে কাটাৰে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আহিছে।
নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত ট্ৰাম্পে উল্লেখ কৰে যে কাটাৰ, ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন, কুৱেইটকে ধৰি কেইবাখনো দেশে বৰ্তমানৰ পৰিস্থিতি বাহাল ৰখাৰ পক্ষত আছে। নতুন সামৰিক আক্ৰমণৰ পৰিৱৰ্তে ইৰাণৰ ওপৰত অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰখাটোহে তেওঁ অধিক পছন্দ কৰে বুলিও স্পষ্ট কৰে।
ট্ৰাম্পে লগতে কয় যে সংঘাতৰ অন্ত পেলোৱাৰ দিশত ইতিবাচক অগ্ৰগতি দেখা গৈছে আৰু আমেৰিকাৰ স্বাৰ্থ সুৰক্ষিত ৰখা হ’ব।
আনহাতে,নেতান্যাহুৰ এনে তৎপৰতাক লৈ আৰব আৰু মুছলমান ৰাষ্ট্ৰসমূহৰ মাজত উদ্বেগ বৃদ্ধি পোৱা বুলি ফাইনেন্সিয়েল টাইমছৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান, সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ান, কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানি আৰু তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইয়েপ এৰদোগানে এই বিষয়ত ট্ৰাম্পৰ সৈতে ফোনযোগে যোগাযোগ কৰিছে।
ইয়াৰ মাজতে ইৰাণেও কঠোৰ সকীয়নি প্ৰদান কৰিছে। ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছ (IRGC) আৰু সামৰিক নেতৃত্বই স্পষ্ট কৰি দিছে যে আমেৰিকা অথবা ইজৰাইলে নতুনকৈ আক্ৰমণ চলালে ইয়াৰ প্ৰত্যুত্তৰত অসমমিত সামৰিক কৌশল গ্ৰহণ কৰা হ’ব।
ইৰাণৰ এই সকীয়নিৰ মাজত হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা সাতটা গুৰুত্বপূৰ্ণ সাগৰৰ তলৰ ইণ্টাৰনেট কেব্ল, আঞ্চলিক ডাটা চেণ্টাৰ আৰু ক্লাউড আন্তঃগাঁথনিকে ধৰি বিভিন্ন সম্পদক লক্ষ্য কৰি লোৱাৰ ভাবুকিৰ কথাও প্ৰতিবেদনত প্ৰকাশ পাইছে।
ইৰাণক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইজৰাইলৰ মাজত সামৰিক তৎপৰতা বৃদ্ধি পোৱাৰ আশংকাৰ মাজতে কাটাৰ, ছৌদি আৰবসহ আঞ্চলিক শক্তিসমূহে আলোচনাৰ মাধ্যমেৰে সংঘাতৰ অৱসান বিচাৰিছে। এতিয়া ট্ৰাম্পে কূটনৈতিক আলোচনাক অগ্ৰাধিকাৰ দিয়ে নে পুনৰ সামৰিক পদক্ষেপ গ্ৰহণ কৰে, সেয়াই হ’ব লক্ষণীয়।
