পৃথিৱী জ্বলিছে উষ্ণতাৰ জুইত! ২০২৬ৰ অক্টোবৰত উষ্ণতাৰ সৰ্বকালৰ নতুন অভিলেখ, বৃদ্ধি পাইছে বিশ্বজুৰি উদ্বেগ

মানৱজাতিৰ বাবে পুনৰ এক উদ্বেগজনক খবৰ। সদ্য সমাপ্ত অক্টোবৰ মাহটো নথিভুক্ত বতৰ বিজ্ঞানৰ ইতিহাসত আটাইতকৈ উষ্ণ অক্টোবৰ হিচাপে পৰিগণিত হৈছে। মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত বৃদ্ধি পোৱা গোলকীয় উষ্ণায়নৰ সৈতে শক্তিশালী এল নিনোৰ প্ৰভাৱ মিলি পৃথিৱীৰ উষ্ণতা অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বৰ্ষত বিশ্বৰ গড় উষ্ণতা প্ৰাক-ঔদ্যোগিক যুগৰ তুলনাত ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰাৰ আশংকা অধিক প্ৰবল হৈছে।

ইউৰোপীয় সংঘৰ ‘কোপাৰ্নিকাছ ক্লাইমেট চেঞ্জ ছাৰ্ভিচ’ (C3S)-ৰ শেহতীয়া প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, অক্টোবৰ মাহত পৃথিৱীৰ ভূ-পৃষ্ঠৰ নিকটৱৰ্তী বায়ুৰ গড় উষ্ণতা আছিল ১৫.৩৫ ডিগ্ৰী চেলছিয়াছ। ১৯৯১ৰ পৰা ২০২০ চনলৈকে অক্টোবৰ মাহৰ গড় উষ্ণতাৰ তুলনাত এই পৰিমাণ ০.৯ ডিগ্ৰী বেছি। আনহাতে, ১৮৫০ৰ পৰা ১৯০০ চনলৈকে থকা গড় উষ্ণতাতকৈ ১.৭৫ ডিগ্ৰী চেলছিয়াছ অধিক।

ইয়াৰ পূৰ্বে আগষ্ট আৰু ছেপ্টেম্বৰ মাহতো বিশ্বৰ উষ্ণতাই ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিছিল। অক্টোবৰত পুনৰ একেই পৰিস্থিতিৰ সৃষ্টি হোৱাত একেৰাহে তিনিমাহ ধৰি এই সীমা অতিক্ৰম কৰিলে বিশ্বৰ উষ্ণতাই। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল।

অক্টোবৰ মাহলৈকে উপলব্ধ তথ্য বিশ্লেষণ কৰি কোপাৰ্নিকাছৰ বিজ্ঞানীসকলে অনুমান কৰিছে যে ২০২৬ চনৰ বাৰ্ষিক গড় উষ্ণতা প্ৰাক-ঔদ্যোগিক যুগৰ তুলনাত ১.৫৬ৰ পৰা ১.৬১ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত অধিক হ’ব পাৰে। ফলত বিশ্বৰ উষ্ণতম বছৰসমূহৰ তালিকাত ২০২৬ চন দ্বিতীয় স্থানত থকাৰ সম্ভাৱনা ৮০ শতাংশ। আনকি এতিয়ালৈকে উষ্ণতম বছৰ হিচাপে পৰিগণিত হোৱা ২০২৪ চনৰ অভিলেখ ভংগ কৰাৰ অথবা সেই অভিলেখৰ সমকক্ষ হোৱাৰো সম্ভাৱনা আছে।

আন এক গুৰুত্বপূৰ্ণ তথ্য অনুসৰি, ২০২৩ৰ পৰা ২০২৬ চনলৈকে এই চাৰি বছৰৰ গড় উষ্ণতাই ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰাৰ আশংকা আছে।

কেৱল স্থলভাগতে নহয়, সাগৰৰ উষ্ণতাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। মেৰু অঞ্চলসমূহ বাদ দি বিশ্বৰ মহাসাগৰসমূহৰ জলপৃষ্ঠৰ গড় উষ্ণতা অক্টোবৰত ২০.৯৫ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। অক্টোবৰ মাহৰ বাবে এয়া সৰ্বকালৰ সৰ্বোচ্চ অভিলেখ। ইয়াৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰত গঢ়া অভিলেখো এইবাৰ অতিক্ৰম কৰিছে।

বতৰ বিজ্ঞানীসকলৰ মতে, এইবাৰৰ এল নিনো ১৯৮২-৮৩, ১৯৯৭-৯৮ আৰু ২০১৫-১৬ চনৰ শক্তিশালী এল নিনোৰ পৰিঘটনাসমূহতকৈও অধিক প্ৰবল হোৱাৰ সম্ভাৱনা আছে। মানৱসৃষ্ট সেউজগৃহ গেছৰ ফলত পৃথিৱীৰ উষ্ণতা ইতিমধ্যে বৃদ্ধি পাইছে। তাৰ ওপৰত শক্তিশালী এল নিনোৰ প্ৰভাৱে উষ্ণতা অধিক বৃদ্ধি কৰিছে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।

ইফালে, অক্টোবৰ মাহত বিশ্বৰ বিভিন্ন অঞ্চলত বৰষুণৰ পৰিমাণতো ব্যাপক তাৰতম্য দেখা গৈছে। উত্তৰ আমেৰিকাৰ পূব অংশ, ইউৰোপৰ পশ্চিম আৰু মধ্য-পূব অঞ্চল, পশ্চিম ৰাছিয়া, ছাইবেৰিয়া, এছিয়াৰ পশ্চিম অংশ, দক্ষিণ চীন আৰু আফ্ৰিকাৰ দক্ষিণ অঞ্চলত স্বাভাৱিকতকৈ কম বৰষুণ হৈছে।

আনহাতে, আলাস্কা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশৰ কিছু অঞ্চল, উত্তৰ মেক্সিকো, মধ্য এছিয়াৰ বৃহৎ অংশ, চীন আৰু কোৰিয়াৰ কিছু অঞ্চল, চিলি, দক্ষিণ আৰ্জেণ্টিনা, দক্ষিণ-পূব ব্ৰাজিল, মাদাগাস্কাৰ তথা অষ্ট্ৰেলিয়াৰ পশ্চিম আৰু মধ্য অংশত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱা পৰিলক্ষিত হৈছে।

পৃথিৱীৰ ক্ৰমবৰ্ধমান উষ্ণতা, শক্তিশালী এল নিনো আৰু জলবায়ুৰ এনে অস্বাভাৱিক পৰিৱৰ্তনে ভৱিষ্যতৰ পৰিৱেশ আৰু মানৱ জীৱনৰ প্ৰতি গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিলে DRI-য়ে; অস্ত্ৰধাৰী সন্দেহযুক্ত লোকৰ পৰা ৩.৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ

গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিছে...