অসমৰ ডিমা হাছাও জিলাৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি। নাৰিম্বাংলো, জাতিংগা জংচন আৰু হাৰাংগাজাও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্তকৰণৰ বাকী থকা কাম সফলতাৰে সম্পূৰ্ণ কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI)।

ভাৰতমালা পৰিযোজনাৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পটো হাইব্ৰিড এনুইটি ম’ড (HAM) পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথ-৫৪ (নতুন ৰাষ্ট্ৰীয় ঘাইপথ-২৭) তথা পূব-পশ্চিম কৰিড’ৰৰ অন্তৰ্গত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাটো অসমৰ পথ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

চাৰিলেনযুক্তকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ ফলত এই পথেৰে যাত্ৰী আৰু সামগ্ৰীৰ যাতায়াত অধিক সুচল, সুৰক্ষিত আৰু দ্ৰুত হ’ব বুলি আশা কৰা হৈছে। একেদৰে, ডিমা হাছাও জিলাৰ সৈতে অন্যান্য অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে পৰিবহণ আন্তঃগাঁথনিৰো উন্নতি সাধন হ’ব।

এই পথ প্ৰকল্পই অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ, বাণিজ্য আৰু যাতায়াত ব্যৱস্থাত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰা হৈছে।
