হিমাচল প্ৰদেশৰ ৪০০ বছৰীয়া এক আজৱ পৰম্পৰা ‘পাত্থৰ কা খেল’, শিলগুটিৰ আঘাতত ওলোৱা তেজেৰে দেৱীক অৰ্পণ কৰা হয় তিলক

শিলগুটি নিক্ষেপৰ এক ব্যতিক্ৰমী পৰম্পৰা! দুটা পক্ষৰ মাজত চলে শিলগুটি নিক্ষেপৰ প্ৰতিযোগিতা। কোনো এজন অংশগ্ৰহণকাৰী আঘাতপ্ৰাপ্ত হৈ তেজ ওলোৱাৰ লগে লগে বন্ধ কৰা হয় এই প্ৰতিযোগিতা। তাৰ পাছত আহত ব্যক্তিজনৰ তেজেৰে দেৱীৰ মূৰ্তিত অৰ্পণ কৰা হয় তিলক। হিমাচল প্ৰদেশৰ ধামি গাঁৱত প্ৰচলিত এই পৰম্পৰাৰ নাম ‘পাত্থৰ কা খেল’।

ছিমলাৰ সমীপৱৰ্তী ধামি গাঁৱত প্ৰতি বছৰে দীপাৱলীৰ পিছদিনা অনুষ্ঠিত হয় প্ৰায় ৪০০ বছৰ পুৰণি এই পৰম্পৰাগত উৎসৱ। এই উৎসৱ প্ৰত্যক্ষ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হয় অসংখ্য লোক।

পৰম্পৰা অনুসৰি, দুটা নিৰ্দিষ্ট গোটৰ অংশগ্ৰহণকাৰীয়ে মুকলি খেলপথাৰৰ দুয়োফালৰ পৰা পৰস্পৰলৈ শিলগুটি নিক্ষেপ কৰে। কোনো এজন অংশগ্ৰহণকাৰী আঘাতপ্ৰাপ্ত হৈ সামান্য ৰক্তক্ষৰণ হোৱাৰ লগে লগে শিলগুটি নিক্ষেপ বন্ধ কৰা হয়। পৰৱৰ্তী সময়ত আহত ব্যক্তিজনৰ কেইটোপালমান তেজ স্থানীয় মন্দিৰত অধিষ্ঠিত দেৱী ভদ্ৰকালীৰ নামত তিলক হিচাপে অৰ্পণ কৰা হয়।

মানৱ বলিৰ বিকল্প হিচাপে আৰম্ভ হৈছিল পৰম্পৰা

স্থানীয় জনশ্ৰুতি অনুসৰি, অতীতত দেৱীক সন্তুষ্ট কৰাৰ লগতে গাঁওখনক ৰোগ-ব্যাধি আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে মানৱ বলি দিয়াৰ প্ৰথা প্ৰচলিত আছিল। পৰৱৰ্তী সময়ত ধামিৰ এগৰাকী ৰাণীয়ে মানৱ বলিৰ প্ৰথা নিষিদ্ধ কৰি তাৰ পৰিৱৰ্তে শিলগুটি নিক্ষেপৰ জৰিয়তে প্ৰতীকীভাৱে তেজ অৰ্পণৰ এই পৰম্পৰা প্ৰৱৰ্তন কৰিছিল বুলি বিশ্বাস কৰা হয়।

উৎসৱৰ আৰম্ভণিতে স্থানীয় নৰসিংহ মহাৰাজৰ প্ৰাচীন মন্দিৰত পূজা-অৰ্চনা কৰা হয়। ইয়াৰ পিছত বিভিন্ন ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰি শোভাযাত্ৰাৰে অংশগ্ৰহণকাৰীসকলক ‘শাদা’ খেলপথাৰলৈ লৈ যোৱা হয়। তাতেই অনুষ্ঠিত হয় পৰম্পৰাগত শিলগুটি নিক্ষেপৰ অনুষ্ঠান।

এই উৎসৱৰ পৰিচালনাত ধামিৰ ৰাজপৰিয়াল, গাঁৱৰ জ্যেষ্ঠ লোক আৰু আয়োজক সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰম্পৰাগতভাৱে নিৰ্ধাৰিত গোটৰ লোকসকলেহে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি লাভ কৰে। অনুষ্ঠানৰ সময়ত শৃংখলা আৰু নিৰাপত্তা বজাই ৰাখিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষীয়েও সহযোগিতা আগবঢ়ায়।

প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা এই পৰম্পৰা সংৰক্ষণৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ লোকসকলেও সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। স্থানীয় বাসিন্দাসকলৰ বাবে ‘পাত্থৰ কা খেল’ কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, ই ধামি গাঁৱৰ ঐতিহাসিক পৰিচয়, সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত বিশ্বাসৰো প্ৰতীক।

আজিও স্বকীয় বৈশিষ্ট্যৰে অব্যাহত থকা এই ব্যতিক্ৰমী উৎসৱে দেশ-বিদেশৰ পৰ্যটক, ইতিহাসবিদ আৰু আলোকচিত্ৰ শিল্পীসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নগাঁৱত মাত্ৰ ৩ হাজাৰ টকাত নৱজাতক বিক্ৰীৰ অভিযোগ, ঘটনাক লৈ তীব্ৰ চাঞ্চল্য

নগাঁৱত পোহৰলৈ আহিছে নৱজাতক বিক্ৰীৰ এক চাঞ্চল্যকৰ ঘটনা। মাত্ৰ...

বিশ্বখ্যাত বিজ্ঞানী ড০ ৰুবুল মাউতক জন্মভূমিত উষ্ম আদৰণি, ঢোল-দগৰে মুখৰিত তিনিচুকীয়াৰ কৈলাশপুৰ

দীপাৱলীৰ উছাহ-উদ্দীপনাৰ মাজতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কৈলাশপুৰত...