নগাঁৱত পোহৰলৈ আহিছে নৱজাতক বিক্ৰীৰ এক চাঞ্চল্যকৰ ঘটনা। মাত্ৰ তিনি হাজাৰ টকাৰ বিনিময়ত নিজৰ নৱজাতক সন্তানক চামগুৰিৰ এটা পৰিয়ালৰ হাতত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱতীৰ বিৰুদ্ধে। আনহাতে, এই সমগ্ৰ ঘটনাৰ সৈতে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী নাৰ্ছ জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ ফলত গৰ্ভৱতী হৈছিল যুৱতীগৰাকী। দিব্যাংশ কুমাৰ নামৰ এজন যুৱকৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল। পৰৱৰ্তী সময়ত যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ কথা জানিব পাৰি অভিযুক্ত যুৱকজনে পলায়ন কৰে বুলি অভিযোগ উঠিছে।
ইফালে, যোৱা ৪ নৱেম্বৰত নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত সন্তান প্ৰসৱ কৰে যুৱতীগৰাকীয়ে। সন্তান জন্মৰ পিছত লোকলজ্জাৰ ভয়ত নৱজাতকটিক চামগুৰিৰ এটা পৰিয়ালৰ হাতত তিনি হাজাৰ টকাৰ বিনিময়ত গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
এই নৱজাতক বিক্ৰীৰ ঘটনাত নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী নাৰ্ছৰো ভূমিকা থকা বুলি অভিযোগ কৰিছে একাংশই। অৱশ্যে, এই অভিযোগৰ সত্যতা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।
ঘটনাটো পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ক্ষুব্ধ ৰাইজে যুৱতীগৰাকীৰ পৰিয়ালৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকলক আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে।
আনহাতে, নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্তৃপক্ষই নৱজাতক বিক্ৰীৰ ঘটনা সন্দৰ্ভত কোনো তথ্য অৱগত নহয় বুলি প্ৰকাশ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞই সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে যে, ৪ নৱেম্বৰত সন্তান প্ৰসৱৰ পিছত মাতৃ আৰু নৱজাতক দুয়ো সুস্থ অৱস্থাত হাস্পতালৰ পৰা ঘৰলৈ উভতি গৈছিল।
সমগ্ৰ ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নৱজাতক বিক্ৰীৰ অভিযোগ আৰু ইয়াৰ সৈতে চিকিৎসা প্ৰতিষ্ঠানৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগক লৈ এতিয়া আৰক্ষীৰ তদন্তৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
