বিশ্বৰ অন্যতম মূল্যৱান প্ৰযুক্তি প্ৰতিষ্ঠান এনভিডিয়াৰ (Nvidia) CEO জেনছেন হুৱাঙক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক নতুন বিতৰ্ক। চীনা ব্যৱসায়ী মহিলা এলিছ হুৱাঙৰ সৈতে তেওঁৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ অভিযোগৰ লগতে মহিলাগৰাকীৰ চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ দাবীয়ে আন্তঃৰাষ্ট্ৰীয় মহলত ব্যাপক চৰ্চা লাভ কৰিছে। এই সমগ্ৰ বিষয়টোক লৈ এনভিডিয়াৰ পৰিচালনা পৰিষদেও তদন্ত আৰম্ভ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি, ৬৩ বছৰীয়া টাইৱানত জন্মগ্ৰহণ কৰা এনভিডিয়াৰ মুৰব্বী জেনছেন হুৱাঙৰ সৈতে এলিছ হুৱাঙৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। এলিছ হুৱাং ছিংগাপুৰস্থিত মেগাস্পীড (Megaspeed) নামৰ প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শীৰ্ষ কাৰ্যবাহী বিষয়া। অৱশ্যে, দুয়োৰে মাজত কোনো পাৰিবাৰিক সম্পৰ্ক নাই।
কেতিয়া তেওঁলোকৰ প্ৰথম চিনাকি হৈছিল অথবা সম্পৰ্ক কিমান দিনীয়া আছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ২০২৪ চনৰ জুন মাহত টাইৱানৰ টাইপেইৰ এখন বাৰত গিগাবাইট আৰু নেটথাণ্ডাৰৰ বিষয়ববীয়াসকলৰ সৈতে দুয়োকে একেলগে দেখা গৈছিল। একে সময়তে এলিছ হুৱাঙৰ প্ৰতিষ্ঠান মেগাস্পীডে কেইবা বিলিয়ন ডলাৰৰ উন্নতমানৰ AI চিপ ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
২০২৫ চনৰ মে’ মাহতো টাইপেইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত সাংবাদিকৰ সৈতে কথা পাতি থকা জেনছেন হুৱাঙৰ পিছফালে এলিছ হুৱাঙক দেখা গৈছিল। তেতিয়ালৈকে মেগাস্পীডৰ সৈতে এনভিডিয়াৰ বৃহৎ ব্যৱসায়িক লেনদেন আমেৰিকাৰ কৰ্তৃপক্ষৰ নজৰলৈ আহিছিল।
কোন এই এলিছ হুৱাং? এলিছ হুৱাঙক হুৱাং লে (Huang Le) নামেৰেও জনা যায়। তেওঁ চীনৰ নাগৰিক আৰু ছিংগাপুৰস্থিত মেগাস্পীডৰ এগৰাকী প্ৰাক্তন শীৰ্ষ বিষয়া।
চীনৰ এটা ব্যক্তিগত বিনিয়োগ পুঁজিৰ তথ্যভাণ্ডাৰত থকা পৰিচয় অনুসৰি, তেওঁ পূৰ্বে টেলিভিছন সাংবাদিক হিচাপে কাম কৰিছিল। হুনান টিভি আৰু চীনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সংস্থা CCTV-ৰ সৈতে জড়িত থকা বুলিও দাবী কৰা হৈছে। ইয়াৰ উপৰি HSBC-ৰ ব্যক্তিগত বেংকিং বিভাগত অধ্যক্ষৰ সহকাৰী আৰু পৰৱৰ্তী সময়ত CITIC Securities-ৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰা বুলি তথ্য পোৱা গৈছে।
অৱশ্যে, তেওঁৰ এই পেছাগত পৰিচয়ক লৈও প্ৰশ্ন উত্থাপন হৈছে। দ্য নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি, হুনান টিভিৰ এগৰাকী বিষয়াই এলিছ হুৱাঙৰ নাম শুনা নাই বুলি প্ৰকাশ কৰাৰ লগতে CCTV-ৰ ৱেবছাইটতো তেওঁৰ কোনো পৰিচয় বিচাৰি পোৱা নগ’ল।
চীনৰ বিনিয়োগ সম্পৰ্কীয় তথ্য অনুসৰি, এলিছ হুৱাঙে ছাংহাই হেক্সি ইনভেষ্টমেণ্ট মেনেজমেণ্টত কাৰ্যবাহী সঞ্চালক আৰু পুঁজি পৰিচালক হিচাপেও কাম কৰিছিল। এই প্ৰতিষ্ঠানটোৰ সৈতে চীনৰ গেমিং কোম্পানী 7Road-ৰ সম্পৰ্ক থকাৰ কথাও প্ৰকাশ পাইছে।
চীনা চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্কৰ অভিযোগ। এই বিতৰ্কৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে এলিছ হুৱাঙৰ বিৰুদ্ধে উত্থাপিত চোৰাংচোৱাগিৰিৰ অভিযোগ। দ্য নিউয়ৰ্ক টাইমছ আৰু ফাইনেন্সিয়েল টাইমছত প্ৰকাশিত এক গোপনীয় স্মাৰকপত্ৰৰ তথ্য অনুসৰি, চীনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰালয়ে এলিছ হুৱাঙক জেনছেন হুৱাঙৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ নিয়োগ কৰিছিল বুলি অভিযোগ উঠিছে।
লগতে চীনলৈ উন্নতমানৰ AI চিপ বিক্ৰীৰ ক্ষেত্ৰত এনভিডিয়াৰ সিদ্ধান্তত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাও আছিল বুলি স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে। আমেৰিকাৰ কৰ্তৃপক্ষৰ তদন্তত মেগাস্পীডৰ এগৰাকী শীৰ্ষ বিষয়াই বেইজিঙলৈ তথ্য যোগান ধৰি থকাৰ তথ্য লাভ কৰা বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে।
দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি, বিগত দুটা বছৰত মেগাস্পীডে এনভিডিয়াৰ পৰা ৪.৮ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ চিপ ক্ৰয় কৰিছে। দক্ষিণ-পূব এছিয়াত এনভিডিয়াৰ অন্যতম বৃহৎ গ্ৰাহক হিচাপেও প্ৰতিষ্ঠানটো পৰিচিত।
এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ জেনছেন হুৱাঙক এগৰাকী অসাধাৰণ ব্যক্তি বুলি অভিহিত কৰি তেওঁৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে।
ট্ৰাম্পৰ মতে, তেওঁ সোমবাৰে হুৱাঙৰ সৈতে কথা পাতি মহিলাগৰাকী চোৰাংচোৱা আছিল বুলি তেওঁ আগতে জানিছিল নেকি সোধে। ইয়াৰ উত্তৰত হুৱাঙে ‘এনে কথা তেওঁৰ কোনো ধাৰণাই নাছিল’ বুলি জনোৱা বুলি দাবী কৰে ট্ৰাম্পে।
ট্ৰাম্পে জেনছেন হুৱাঙক সুধিছিল, মহিলাগৰাকী চোৰাংচোৱা বুলি তেওঁৰ কোনো ধাৰণা আছিল নেকি? তেওঁ কৈছিল যে তেওঁৰ কোনো ধাৰণা নাছিল। আৰু মই তেওঁক বিশ্বাস কৰোঁ”, বুলি মন্তব্য কৰে ট্ৰাম্পক।
লগতে হুৱাঙে এই পৰিস্থিতিৰ বাবে যথেষ্ট মানসিক কষ্ট ভোগ কৰা বুলিও মন্তব্য কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। বিশেষকৈ তেওঁৰ পত্নী আৰু পৰিয়ালৰ বাবে পৰিস্থিতিটো অধিক কষ্টকৰ হৈ পৰা বুলি কয় ট্ৰাম্পে।
ইফালে, দেওবাৰে এনভিডিয়াৰ কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা এটা বাৰ্তাত জেনছেন হুৱাঙে বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ কথা স্বীকাৰ কৰাৰ লগতে নিজৰ পৰিয়াল আৰু প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ ওচৰত ক্ষমা বিচৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
ট্ৰাম্পে অৱশ্যে এই অভিযোগসমূহৰ বিষয়ে তেওঁ কেতিয়া অৱগত হৈছিল, সেই কথা স্পষ্ট কৰা নাই। তেওঁৰ মতে, বিষয়টো শেহতীয়াকৈহে তেওঁৰ জ্ঞাত হৈছে। লগতে FBI-য়ে আন এটা দিশৰ পৰা বিষয়টোৰ তদন্ত কৰি থকা বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, পূৰ্বৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনে চীনলৈ উন্নতমানৰ এনভিডিয়া চিপ ৰপ্তানিৰ ক্ষেত্ৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰিছিল। আনহাতে, ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত চীনলৈ চিপ ৰপ্তানিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ শিথিল কৰাৰ বাবে জেনছেন হুৱাঙে প্ৰচেষ্টা চলাই আহিছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ব্যৱহৃত উন্নতমানৰ চিপ নিৰ্মাণৰ বাবে বিশ্বজুৰি বিশেষ আধিপত্য বিস্তাৰ কৰিছে এনভিডিয়াই। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ চান্টা ক্লাৰাত মুখ্য কাৰ্যালয় থকা প্ৰতিষ্ঠানটোৱে বিগত তিনিটা বছৰত ৱাল ষ্ট্ৰীটৰ পূৰ্বানুমান অতিক্ৰম কৰি লাভৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে।
যোৱা আগষ্ট মাহত প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, এটা ত্ৰৈমাসিকত এনভিডিয়াৰ লাভৰ পৰিমাণ আছিল ৫৯.৬৯ বিলিয়ন মাৰ্কিন ডলাৰ।
এনে পৰিস্থিতিত এনভিডিয়াৰ শীৰ্ষ নেতৃত্ব, চীনৰ সৈতে ব্যৱসায়িক সম্পৰ্ক আৰু চোৰাংচোৱাগিৰিৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিতৰ্কই আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক আৰু প্ৰযুক্তি মহলত বিশেষ গুৰুত্ব লাভ কৰিছে। অৱশ্যে, এলিছ হুৱাঙৰ বিৰুদ্ধে উত্থাপিত চোৰাংচোৱাগিৰিৰ অভিযোগ আৰু তদন্তৰ চূড়ান্ত ফলাফল এতিয়াও স্পষ্ট হোৱা নাই।
