ভাৰতক অপবাদৰ চেষ্টা চীনা নাগৰিকৰ, ঢাকাৰ দৰিদ্ৰ লোকৰ বসতিপ্ৰধান অঞ্চলক ভাৰতৰ ‘নতুন দিল্লী’ বুলি পৰিচয় দি লাইভষ্ট্ৰীমিং চীনা নাগৰিকৰ

বাংলাদেশৰ ৰাজধানী ঢাকাত একাংশ চীনা নাগৰিকৰ বিৰুদ্ধে উত্থাপন হৈছে এক উদ্বেগজনক অভিযোগ। ঢাকাৰ দৰিদ্ৰ লোকৰ বসতিপ্ৰধান অঞ্চলসমূহত প্ৰৱেশ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ লগতে সেই দৃশ্যসমূহ ভাৰতৰ বুলি পৰিচয় দি চীনৰ সামাজিক মাধ্যমত লাইভষ্ট্ৰীমিং কৰি অহাৰ অভিযোগ উঠিছে চীনা নাগৰিকৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, স্থানীয় লোকৰ ঘৰ-দুৱাৰ, খাদ্যাভ্যাস আৰু জীৱন-যাপনক লৈ অপমানজনক মন্তব্য কৰাৰো অভিযোগ উত্থাপন হৈছে।

বাংলাদেশৰ আগশাৰীৰ সংবাদমাধ্যম ‘প্ৰথম আলো’ৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। প্ৰতিবেদন অনুসৰি, ঢাকাৰ বহু অঞ্চলত বিগত কেইবামাহ ধৰি ভিডিঅ’ সংগ্ৰহ কৰি আহিছে কমেও ১৫০গৰাকী চীনা নাগৰিকে। এই ভিডিঅ’সমূহ চীনৰ WeChat আৰু Douyinকে ধৰি বিভিন্ন সামাজিক মাধ্যমত লাইভষ্ট্ৰীমিং কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, এই ভিডিঅ’গ্ৰাফাৰসকলে ঢাকাৰ বিভিন্ন অঞ্চলৰ বাসগৃহ, দোকান-পোহাৰ আৰু স্থানীয় লোকৰ দৈনন্দিন জীৱনৰ দৃশ্য কেমেৰাত বন্দী কৰে। কিন্তু লাইভষ্ট্ৰীমিঙৰ সময়ত সেই স্থানসমূহক ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ দৃশ্য বুলি পৰিচয় দিয়াৰ অভিযোগ উঠিছে।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ১ নৱেম্বৰত ‘মিয়ানমিয়ান’ নামৰ চীনৰ এগৰাকী মহিলাই বাংলাদেশৰ এটা খালৰ কাষৰ পৰা এটা অঞ্চলৰ দৃশ্য লাইভষ্ট্ৰীমিং কৰিছিল। সেই সময়ত তেওঁ দৰ্শকক উদ্দেশ্যি অঞ্চলটোক নতুন দিল্লী বুলি পৰিচয় দিয়াৰ লগতে স্থানীয় লোকৰ বাসগৃহৰ পৰিচ্ছন্নতা আৰু জীৱন-যাপনৰ মানক লৈ মন্তব্যত প্ৰকাশ কৰিছিল।

তেওঁৰ মন্তব্য অনুসৰি, অঞ্চলটোৰ ঘৰসমূহ অপৰিষ্কাৰ আৰু টিনৰ চালিৰ ঘৰবোৰৰ ভিতৰত আনকি ফেনো নাই বুলি দাবী কৰিছিল। ইয়াৰ উপৰি অঞ্চলটোৰ অনুন্নত অৱস্থা আৰু আইন-শৃংখলাৰ পৰিস্থিতিক লৈও নেতিবাচক মন্তব্য কৰাৰ অভিযোগ উঠিছে।

আন এটা ঘটনাত ‘ৱাং ৱেই’ নামৰ এজন চীনা নাগৰিকে এখন চাহৰ দোকানত ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। লাইভষ্ট্ৰীমিঙৰ সময়ত তেওঁ স্থানীয় লোকৰ চাহ খোৱাৰ দৃশ্য দেখুৱাই সেই চাহক ‘গৰুৰ প্ৰস্ৰাৱৰ চাহ’ বুলি অভিহিত কৰাৰ অভিযোগ উঠিছে। আনকি চাহ প্ৰস্তুত কৰিবলৈ লেতেৰা নদীৰ পানী ব্যৱহাৰ কৰা হয় বুলিও তেওঁ দাবী কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

এই চীনা নাগৰিকসকলৰ লাইভষ্ট্ৰীমিঙৰ আঁৰৰ উদ্দেশ্য জানিবলৈ বাংলাদেশৰ একাংশ সাংবাদিকে ২৭ অক্টোবৰত আৰু ৩ নৱেম্বৰত সংশ্লিষ্ট অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল। তেওঁলোকে ১৭গৰাকী চীনা ভিডিঅ’গ্ৰাফাৰৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও অধিকাংশই মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

সাংবাদিকসকলে ‘ৰিতু আখতাৰ’ নামৰ এগৰাকী স্থানীয় মহিলাৰ সৈতেও কথা পাতে। মহিলাগৰাকীৰ দাবী অনুসৰি, তেওঁ বিগত কেইবামাহ ধৰি চীনা নাগৰিকসকলৰ বাবে স্থানীয় গাইড হিচাপে কাম কৰি আহিছে। ইয়াৰ বিনিময়ত তেওঁ দৈনিক ৭০০ৰ পৰা ৮০০ বাংলাদেশী টকা লাভ কৰে। তেওঁৰ মতে, আন কেইবাগৰাকী বাংলাদেশী মহিলায়ো একেধৰণে চীনা নাগৰিকসকলক সহায় কৰি আহিছে।

ৰিতুৰ ভাষ্য অনুসৰি, চীনা নাগৰিকসকলে WeChat, Douyinকে ধৰি চীনৰ বিভিন্ন সামাজিক মাধ্যমত ভিডিঅ’ আৰু লাইভষ্ট্ৰীমিংৰ জৰিয়তে ধন উপাৰ্জন কৰে। নিম্ন আয়ৰ লোক বসবাস কৰা অঞ্চলসমূহৰ প্ৰতি তেওঁলোকৰ বিশেষ আগ্ৰহ থকাৰ বাবেই টেকপাৰা নামৰ স্থানক ভিডিঅ’ সংগ্ৰহৰ বাবে বাছনি কৰা বুলি তেওঁ দাবী কৰে।

এই ঘটনাক লৈ স্থানীয় বাসিন্দাসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টি। কেৱল ৰাজহুৱা স্থানতে নহয়, একাংশ চীনা নাগৰিকে অনুমতি অবিহনে ব্যক্তিগত বাসগৃহত প্ৰৱেশ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰাৰো অভিযোগ উত্থাপন কৰিছে বাসিন্দাসকলে।

স্থানীয় বাসিন্দা ৰোজিনা খাতুনে ‘প্ৰথম আলো’ক জনোৱা মতে, কেতিয়াবা চীনা নাগৰিকসকলে কোনো আগতীয়া অনুমতি নোলোৱাকৈয়ে ঘৰত প্ৰৱেশ কৰি ভিডিঅ’ কৰিবলৈ আৰম্ভ কৰে। ঘৰৰ ভিতৰত মহিলাসকল সকলো সময়তে উপযুক্ত সাজ-পোছাকত নাথাকে। এনে অৱস্থাত কোনো অচিনাকি ব্যক্তিয়ে হঠাৎ ঘৰত প্ৰৱেশ কৰি কেমেৰা চলাবলৈ আৰম্ভ কৰিলে তেওঁলোক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হয় বুলি তেওঁ উল্লেখ কৰে।

আন এগৰাকী বাসিন্দা পাপিয়া বেগমে অভিযোগ কৰে যে একাংশ লাইভষ্ট্ৰীমাৰে আনকি শৌচাগাৰৰ ভিতৰতো প্ৰৱেশ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা কৰিছে। তেওঁলোকক বাধা দিলেও ভাষাৰ পাৰ্থক্যৰ বাবে কথা বুজাবলৈ অসুবিধা হয়। অভিযোগ অনুসৰি, চীনা নাগৰিকসকলে কেৱল হাঁহি মাৰি ক্ষমা বিচাৰি সেই স্থানৰ পৰা আঁতৰি যায়। কিন্তু কিছুসময়ৰ পিছতে পুনৰ একেধৰণৰ ঘটনা সংঘটিত হয়।

এই সমগ্ৰ ঘটনাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। কোনে এই লাইভষ্ট্ৰীমিংসমূহৰ আঁৰত ধন যোগান ধৰিছে? কোনটো লক্ষ্যৰে ঢাকাৰ দৰিদ্ৰ অঞ্চলসমূহৰ দৃশ্য সংগ্ৰহ কৰা হৈছে? বাংলাদেশৰ দৃশ্যক ভাৰতৰ বুলি পৰিচয় দিয়াৰ আঁৰৰ উদ্দেশ্য কি? সামাজিক মাধ্যমত এই ভিডিঅ’সমূহৰ জৰিয়তে কোনো নিৰ্দিষ্ট ধৰণৰ বিভ্ৰান্তিকৰ ধাৰণা প্ৰচাৰৰ চেষ্টা চলিছে নেকি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নগাঁৱত মাত্ৰ ৩ হাজাৰ টকাত নৱজাতক বিক্ৰীৰ অভিযোগ, ঘটনাক লৈ তীব্ৰ চাঞ্চল্য

নগাঁৱত পোহৰলৈ আহিছে নৱজাতক বিক্ৰীৰ এক চাঞ্চল্যকৰ ঘটনা। মাত্ৰ...