আজিৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত হ’ল?

গুৱাহাটী, ৩০ জুন, NKTV: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ :

➡️অসমৰ সকলো সশস্ত্ৰ আৰক্ষী বেটেলিয়নৰ কনিষ্টবলৰ পৰা আৰম্ভ কৰি উপ-পৰিদৰ্শক পৰ্যায়ৰ বিষয়া-জোৱানক নিজ গৃহলৈ যাবৰ বাবে বছৰি এমাহৰ বাধ্যতামূলক ছুটী প্ৰদানৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ অৱশ্যে যিসকলে সপৰিয়ালে বেটেলিয়ন চৌহদৰ আৱাসগৃহত থাকে তেওঁলোকে নিজ গৃহলৈ যোৱাৰ বাবে ১০ দিনৰ বাধ্যতামূলক ছুটী লাভ কৰিব৷

➡️সুলভ মূল্যৰ দোকান আৰু সমবায় সমিতিসমূহে প্ৰতি কুইণ্টল চাউলৰ বাবদ পূৰ্বে লাভ কৰি অহা কমিছন ১০০.১০ টকাৰ পৰা ১৪৩ টকালৈ বৃদ্ধিত কেবিনেটে অনুমোদন জনায়৷

➡️সুলভ মূল্যৰ দোকানৰ বাবে সামগ্ৰী মজুতকৰণকে ধৰি অন্যান্য সেৱা আগবঢ়োৱা ৰাজ্যৰ ৮৬০ খন সমবায় সমিতিক বাৰ্ষিক ৫ লাখ টকাকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ৷

➡️ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত সমবায় সমিতিসমূহে যাতে অগ্ৰাধিকাৰ পায় তাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷

➡️আজিৰ কেবিনেটে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ছিপাঝাৰৰ গৰুখুটিত ৭৭ হাজাৰ বিঘা ভূমিত কৃষিকাৰ্যৰ বাবে বিশেষ ব্যৱস্থা লোৱাকে ধৰি ন্যস্ত হোৱা বিভিন্ন দায়িত্ব ৰূপায়ণ কৰিবলৈ গঠন কৰা কমিটীখনৰ কাম-কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায়ৰ অৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

➡️সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষা আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ সকলো ঠাইতে যাতে ম’বাইল নেটৱৰ্ক ভালদৰে উপলব্ধ হয় তাৰবাবে ম’বাইল টাৱাৰ স্থাপনৰ দিশত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ তথ্য প্ৰযুক্তি বিভাগক দায়িত্ব অৰ্পণৰ সিদ্ধান্ত গ্ৰহণ৷

➡️ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ ৰূপায়ণ যাতে যথাযথভাৱে হয় সেয়া নিৰীক্ষণ কৰাৰ লগতে ইয়াৰ অগ্ৰগতি সম্পৰ্কে কেবিনেটক অৱগত কৰাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক দায়িত্ব অৰ্পন কৰা হয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...