শিৱসাগৰত যোৰহাট আৰক্ষীৰ অভিযান

শিৱসাগৰত অভিযান চলাইছে যোৰহাট আৰক্ষীয়ে। ডকাইতিৰ ঘটনাত অভিযুক্ত ৰাবুল হুছেইনক লগত লৈ আৰক্ষীয়ে এই অভিযান চলায়। উল্লেখ্য যে, বিগত প্ৰায় ২০ দিন ধৰি পলাতক হৈ থকা ৰাবুল হুছেইনে বৃহস্পতিবাৰে পুলিবৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই ডকাইতিৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে জাকিৰ হুছেইন আৰু আছিকুৰ আলম নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

যোৱা ১৫ অক্টোবৰত চাৰিজনীয়া ডকাইতৰ দলে ডিব্ৰুগড় অভিমুখী এখন বলেৰ’ বাহনত লুটপাত চলাইছিল। এই ঘটনাত ওমৰ আলী নামৰ এজন ব্যৱসায়ীৰ পৰা নগদ ২ লাখ ২৬ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছিল।

ইফালে, আৰক্ষীয়ে ডকাইতিৰ ঘটনাত ব্যৱহৃত এখন চেভ্ৰ’লেট বাহনো জব্দ কৰিছে। বৰ্তমান ঘটনাৰ সৈতে জড়িত আন দিশসমূহৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ট্ৰাম্পৰ দলৰ পৰাজয়ৰ পাছতে বিশ্বৰ শ্বেয়াৰ বজাৰত উত্থান! দীপাৱলীৰ পূৰ্বে বিনিয়োগকাৰীৰ সম্পত্তি বৃদ্ধি প্ৰায় ৮ লাখ কোটি টকা

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ পৰাজয়ৰ...

ৰে’ল আৰু বিমানৰ সময়সূচীত ১২ ঘণ্টাৰ সলনি ২৪ ঘণ্টাৰ ঘড়ী ব্যৱহাৰ কৰা হয় কিয়? জানক ইয়াৰ আঁৰৰ কাৰণ

আমি দৈনন্দিন জীৱনত সাধাৰণতে ১২ ঘণ্টীয়া ঘড়ীৰ সময় ব্যৱহাৰ...

Batadrava Police Rescue 13 Migratory Birds in Anti-Poaching Operation at Koya kujia Beel

In a major operation against bird poaching, Batadrava Police...