নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানৰ সবিশেষ প্ৰকাশ কৰিব মুখ্যমন্ত্ৰীয়ে। দুদিনীয়া নহয়, মুঠ তিনিঘণ্টাৰ পৰিৱৰ্তে দুটা ভাগত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত দুঘণ্টা সুধাকণ্ঠৰ স্মৃতিচাৰণ আৰু এঘণ্টা গীত-মাতৰ অনুষ্ঠান থাকিব।
অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ পৰা যোৱা এহেজাৰ শিল্পী আৰু সংগীতৰ সৈতে জড়িত শিক্ষাৰ্থীয়ে। অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা নিৰ্বাচিত এহেজাৰ শিক্ষাৰ্থীক নতুন দিল্লীলৈ নিয়াৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে। এই শিল্পীসকলে সুধাকণ্ঠৰ কালজয়ী সৃষ্টি ‘মানুহে মানুহৰ বাবে’ আৰু ‘We Are in the Same Boat, Brother’ পৰিৱেশন কৰিব।
ইফালে, অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেয়া ঘোষাল, শংকৰ মহাদেৱন, কল্পনা পাটোৱাৰী, অংগৰাগ পাপন, কবিতা কৃষ্ণমূৰ্তি, এল সুব্ৰমনিয়াম, মহালক্ষ্মী আয়াৰ আৰু ৰাহুল দেশপাণ্ডেই সংগীত পৰিৱেশন কৰিব।
আনহাতে, অসমৰ হৈ তৰালি শৰ্মা, ৰূপম ভূঞা, ময়ূখ হাজৰিকা, মৌচুমী চহৰীয়া, দীক্ষু শৰ্মা, জুবলী, আচুৰ্য বৰপাত্ৰ আৰু সুনীতা ভূঞাই অনুষ্ঠান পৰিৱেশন কৰিব।
ইয়াৰ উপৰি, বিশিষ্ট কণ্ঠশিল্পী উষা মংগেশকাৰে ড° ভূপেন হাজৰিকা বঁটা গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।
অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আগ্ৰহী লোকসকলৰ সুবিধাৰ্থে এটা বিশেষ পৰ্টেল মুকলি কৰা হৈছে। অহা ১২ নৱেম্বৰৰ পৰা পৰ্টেলটোৰ জৰিয়তে পঞ্জীয়ন কৰি ই-আমন্ত্ৰণ পত্ৰ (E-Invitation Card) সংগ্ৰহ কৰিব পাৰিব। এই পদক্ষেপৰ জৰিয়তে অধিক সংখ্যক লোকক জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
