জামুগুৰিহাটত বৰদিকৰাই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত ১৪ লাখ টকা আত্মসাতৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে

জামুগুৰিহাটৰ বৰদিকৰাই বালিচাপৰিত নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত ধনৰ অপব্যৱহাৰৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঠিকাদাৰ পদেশ্বৰ মিলিৰ বিৰুদ্ধে মাত্ৰ কেইডালমান বাঁহৰ খুঁটা নদীত পুতি ১৪ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় নদীপৰীয়া কৃষক ৰাইজে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে ২০২৫-২৬ বিত্তীয় বৰ্ষত বৰদিকৰাই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰায় ৩৫ লাখ টকা অনুমোদন জনাইছিল। কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এই কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ পদেশ্বৰ মিলিয়ে নদীত কেইডালমান বাঁহৰ খুঁটা পুতিয়েই আঁচনিখনৰ প্ৰথম কিস্তিৰ ১৪ লাখ টকাৰ বিল আদায় কৰি নিয়ে।

মাত্ৰ প্ৰায় ১০ হাজাৰ টকাৰ বাঁহৰ কাম কৰি বৃহৎ পৰিমাণৰ চৰকাৰী ধন আত্মসাত কৰা বুলি ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী ৰাইজে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ নদীপৰীয়া কৃষক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, ঠিকাদাৰগৰাকীয়ে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে মিলি এই অনিয়ম সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

এই ঘটনাৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বৰদিকৰাইৰ নদীপৰীয়া মিচিং ৰাইজে। লগতে অঞ্চলবাসীক প্ৰতাৰণা কৰাৰ অভিযোগত ঠিকাদাৰ পদেশ্বৰ মিলিৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১২ নৱেম্বৰত গুৱাহাটীত নাপাব তেল, ২৪ ঘণ্টীয়া বন্ধৰ প্ৰস্তাৱ পেট্ৰ’ল ডিলাৰ সন্থাৰ

অইল মাৰ্কেটিং কোম্পানী (OMC)সমূহৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ২৪...

পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, পত্নীসহ একেটা পৰিয়ালৰ ৭জনক হত্যা কেব চালকৰ

বেংগালুৰুৰ শ্ৰীৰামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গণহত্যাৰ ঘটনা। পাৰিবাৰিক...