৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় এমি বঁটা (54th International Emmy Awards) অনুষ্ঠিত হ’বলৈ গৈ আছে অহা ২৩ নৱেম্বৰ, ২০২৬ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত।
তামিল অভিনেতা বিজয় সেতুপতিয়ে আন্তঃৰাষ্ট্ৰীয় এমি বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰি ইতিহাস ৰচিবলৈ সাজু হৈছে। ২৩ নৱেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৫৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় এমি বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰিবলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’ব অভিনেতাগৰাকী।

দ্য হলীউড ৰিপ’ৰ্টাৰ ইণ্ডিয়াৰ তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় একাডেমী অৱ টেলিভিছন আৰ্টছ এণ্ড ছায়েন্সেছৰ ব’ৰ্ড সদস্য তথা প্ৰযোজক কবিতা গুপ্তাই বিজয় সেতুপতিক এই সন্মানীয় অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
ইয়াৰ পূৰ্বে ২০২৪ চনত কমেডিয়ান তথা অভিনেতা বীৰ দাসে প্ৰথমগৰাকী ভাৰতীয় হিচাপে আন্তঃৰাষ্ট্ৰীয় এমি বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰিছিল।
এইবাৰৰ অনুষ্ঠানত বিজয় সেতুপতিয়েই একমাত্ৰ ভাৰতীয় প্ৰতিনিধি নহয়। ভাৰতৰ দুটাকৈ প্ৰযোজনাই লাভ কৰিছে মনোনয়ন। ইয়াৰ ভিতৰত ছ’নীলিভৰ ৰিয়েল কাশ্মীৰ ফুটবল ক্লাবে শ্ৰেষ্ঠ ড্ৰামা ছিৰিজ শাখাত মনোনয়ন লাভ কৰিছে।
পিজ্জা, ছুডু কাৱুম আৰু নানুম ৰাউডি ধানৰ দৰে ছবিৰ জৰিয়তে পৰিচিতি লাভ কৰা বিজয় সেতুপতি ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা। ২০১৯ চনত মুক্তিপ্ৰাপ্ত ছুপাৰ ডিলাক্স ছবিত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
ইয়াৰ উপৰি পেট্টা, মাষ্টাৰ, বিক্ৰম, শ্বাহৰুখ খানৰ জৱান আৰু ৱেব ছিৰিজ ফাৰ্জিতো অভিনয় কৰিছে অভিনেতাগৰাকীয়ে।
আন্তঃৰাষ্ট্ৰীয় এমি বঁটা প্ৰদান অনুষ্ঠানত তেওঁৰ এই নিৰ্বাচনে বিশ্বৰ মঞ্চত ভাৰতীয় প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এক নতুন হিচাপে বিবেচিত হৈছে।
