কৃষক নেতা প্ৰণৱ দ’লেক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ গোচৰত সকাহ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। প্ৰণৱ দ’লেৰ বিৰুদ্ধে আৰোপ কৰা NSAৰ ধাৰা অবৈধ ঘোষণা কৰিছে আদালতে।
উল্লেখ্য যে, কাজিৰঙাৰ ইংলে পথাৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল কৃষক নেতা প্ৰণৱ দ’লে। পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে NSAৰ অধীনত গোচৰ ৰুজু কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়াৰে পৰা কাৰাবন্দী হৈ আছে প্ৰণৱ দ’লে।
ইফালে, NSAৰ গোচৰৰ বাহিৰে আন গোচৰসমূহত ইতিমধ্যে জামিন লাভ কৰিছে কৃষক নেতাগৰাকীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ে তেওঁৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব পাৰে।
