ডিব্ৰুগড় জিলাৰ টেঙাখাটস্থিত OCSৰ ভিতৰত থকা ITF গেছ পাইপত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত পাঁচজন কৰ্মচাৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে।
অগ্নিদগ্ধ কৰ্মচাৰীসকলক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (AMCH)লৈ প্ৰেৰণ কৰা হৈছে। আহত কৰ্মচাৰীসকল হৈছে ৰাজু দত্ত, তাপসজ্যোতি গগৈ, ইন্দ্ৰ গগৈ, ৰূপম গগৈ আৰু কমোদ গগৈ।
ইফালে, অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে বাতৰি লিখা পৰলৈকে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিব পৰা হোৱা নাই।
এই ভয়ংকৰ অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে এই পৰ্যন্ত সবিশেষ জানিব পৰা হোৱা নাই।
