১২ নৱেম্বৰত গুৱাহাটীত নাপাব তেল, ২৪ ঘণ্টীয়া বন্ধৰ প্ৰস্তাৱ পেট্ৰ’ল ডিলাৰ সন্থাৰ

অইল মাৰ্কেটিং কোম্পানী (OMC)সমূহৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচনৰ গ্ৰেটাৰ গুৱাহাটী ইউনিটে। প্ৰস্তাৱ অনুসৰি, ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈ বন্ধ ৰখাৰ কথা প্ৰকাশ কৰিছে সন্থাই।

২৮ অক্টোবৰত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সন্থাই অভিযোগ কৰে যে অইল মাৰ্কেটিং কোম্পানীসমূহে বিভিন্ন অভিযোগৰ ভিত্তিত পেট্ৰ’ল আৰু হাই স্পীড ডিজেলৰ যোগান বন্ধ কৰাৰ ভাবুকি দি আহিছে। আনকি নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ আৰু ডিলাৰসকলক নিজৰ পক্ষ দাঙি ধৰাৰ সুযোগ নিদিয়াকৈ এনে পদক্ষেপ গ্ৰহণৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে সন্থাই।

সন্থাৰ মতে, অইল মাৰ্কেটিং কোম্পানীসমূহ আইন প্ৰয়োগকাৰী সংস্থা নহয়। সেয়ে পেট্ৰ’লিয়াম সম্পৰ্কীয় প্ৰচলিত আইন আৰু বিধিগত নিয়মৰ ভিতৰতে তেওঁলোকে কাম কৰিব লাগিব।

এই সন্দৰ্ভত অত্যাৱশ্যকীয় সামগ্ৰী আইন (Essential Commodities Act)ৰ অধীনত জাৰি কৰা ১৯৯৯ চনৰ Petroleum Products (Maintenance of Production, Storage and Supply) Order-ৰ কথাও উল্লেখ কৰিছে সন্থাই। অইল কোম্পানীসমূহে নিৰ্ধাৰিত বিধি-ব্যৱস্থা উলংঘা কৰি স্বেচ্ছাচাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগো উত্থাপন কৰিছে ডিলাৰ সন্থাই।

ডিলাৰসকলৰ অভিযোগসমূহ শীঘ্ৰে সমাধানৰ দাবী জনাই প্ৰস্তাৱিত ২৪ ঘণ্টীয়া বন্ধৰ জৰিয়তে অইল কোম্পানীসমূহৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে সন্থাই।

উল্লেখ্য যে, ১২ নৱেম্বৰৰ বন্ধৰ বিষয়টো বৰ্তমান প্ৰস্তাৱৰ পৰ্যায়তে আছে। বন্ধৰ চূড়ান্ত অনুমোদন বা সমগ্ৰ অসমৰ পেট্ৰ’ল পাম্পসমূহে ইয়াত অংশগ্ৰহণ কৰিব নে নাই, সেই সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তিত কোনো স্পষ্ট ঘোষণা কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, পত্নীসহ একেটা পৰিয়ালৰ ৭জনক হত্যা কেব চালকৰ

বেংগালুৰুৰ শ্ৰীৰামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গণহত্যাৰ ঘটনা। পাৰিবাৰিক...