এতিয়াৰে পৰা ঘৰৰ পৰাই পঠিয়াব পাৰিব ৰে’লযোগে পাৰ্চেল, ৮খন মহানগৰত নতুন সেৱা আৰম্ভৰ প্ৰস্তুতি ভাৰতীয় ৰে’লৱেৰ

ঘৰৰ পৰাই ৰে’লযোগে পাৰ্চেল পঠিওৱাৰ সুবিধা, ৮ মহানগৰত নতুন সেৱা ভাৰতীয় ৰে’লৱেৰ।

পাৰ্চেল পঠিওৱাৰ ক্ষেত্ৰত যাত্ৰী তথা গ্ৰাহকৰ বাবে বিশেষ সুবিধা আগবঢ়োৱাৰ লক্ষ্যৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱেই। এইবাৰ ঘৰৰ পৰাই পাৰ্চেল বুকিং, সংগ্ৰহ আৰু নিৰ্দিষ্ট ঠিকনাত ডেলিভাৰীৰ সুবিধা প্ৰৱৰ্তনৰ প্ৰস্তুতি চলাইছে ৰে’ল বিভাগে। প্ৰাৰম্ভিক পৰ্যায়ত দেশৰ ৮খন প্ৰধান মহানগৰত আৰম্ভ হ’ব এই সেৱা।

দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, আহমেদাবাদ, হায়দৰাবাদ, বেংগালুৰু আৰু পুনেত উপলব্ধ হ’বলগীয়া এই সেৱাৰ নাম দিয়া হৈছে ‘ঘৰ সে ঘৰ তক’। ‘ৰেল পাৰ্চেল এপ’ৰ জৰিয়তে গ্ৰাহকে ঘৰত বহিয়েই পাৰ্চেল বুকিং কৰিব পাৰিব। ইয়াৰ বাবে ৰে’ল ষ্টেচনলৈ যোৱাৰ প্ৰয়োজন নহ’ব।

দক্ষিণ মধ্য ৰে’লৱেৰ অধীনত সফল পৰীক্ষামূলক ব্যৱহাৰৰ পিছত এই ডিজিটেল সেৱা দেশজুৰি কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। অৱশ্যে চূড়ান্ত পৰ্যায়ৰ প্ৰযুক্তিগত পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে আনুষ্ঠানিকভাৱে সেৱা আৰম্ভৰ তাৰিখ ঘোষণা কৰা হ’ব।

নতুন ব্যৱস্থাত গ্ৰাহকে ১৫ দিন আগলৈকে পাৰ্চেল বুকিং কৰিব পাৰিব। UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে অনলাইনত ধন পৰিশোধৰ সুবিধাও থাকিব। প্ৰতিটো বুকিঙৰ বিপৰীতে প্ৰদান কৰা হ’ব ১০ অংকৰ এক বিশেষ প্ৰগ্ৰেছিভ ৰেফাৰেন্স ৰেকৰ্ড (PRR) নম্বৰ। এই নম্বৰৰ জৰিয়তে পাৰ্চেলৰ অৱস্থান আৰু যাত্ৰাৰ শেহতীয়া তথ্য লাভ কৰিব পাৰিব গ্ৰাহকে।

এই সেৱাত পাৰ্চেল সংগ্ৰহ আৰু গ্ৰাহকৰ ঘৰত ডেলিভাৰী দিয়াৰ দায়িত্বত থাকিব লজিষ্টিকছ অংশীদাৰ সংস্থাসমূহ। আনহাতে, এখন চহৰৰ পৰা আন এখন চহৰলৈ ৰে’লযোগে পাৰ্চেল পৰিবহণৰ দায়িত্ব পালন কৰিব ভাৰতীয় ৰে’লৱেই।

ইয়াৰ উপৰি ডিজিটেল GST ইনভইচ আৰু লাইভ ট্ৰেকিঙৰ সুবিধাও উপলব্ধ হ’ব। পাৰ্চেল ডেলিভাৰীৰ সময়ত নিৰাপত্তা নিশ্চিত কৰিবলৈ OTP-ৰ জৰিয়তে গ্ৰাহকৰ পৰিচয় আৰু ডেলিভাৰী প্ৰক্ৰিয়া যাচাই কৰা হ’ব।

আনহাতে, পাৰ্চেল সংগ্ৰহ কৰাৰ পূৰ্বে বুকিং বাতিল কৰিলে ৰে’লৱেৰ পৰিবহণ মাচুলৰ পৰা ১০ টকা ক্লাৰ্কেজ মাচুল কৰ্তন কৰি বাকী ধন ঘূৰাই দিয়া হ’ব। অৱশ্যে ঘৰৰ পৰা পাৰ্চেল সংগ্ৰহ আৰু ডেলিভাৰীৰ বাবে লোৱা মাচুল ঘূৰাই দিয়াৰ বিষয়টো সংশ্লিষ্ট লজিষ্টিকছ অংশীদাৰ সংস্থাৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰিব।

ৰে’লৱেৰ এই নতুন পদক্ষেপে ব্যক্তিগত গ্ৰাহকৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী আৰু অনলাইন বিক্ৰেতাসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। পাৰ্চেল পঠিওৱাৰ বাবে ষ্টেচনলৈ যোৱাৰ প্ৰয়োজনীয়তা দূৰ কৰি ঘৰৰ পৰাই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ সুবিধা প্ৰদান কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১২ নৱেম্বৰত গুৱাহাটীত নাপাব তেল, ২৪ ঘণ্টীয়া বন্ধৰ প্ৰস্তাৱ পেট্ৰ’ল ডিলাৰ সন্থাৰ

অইল মাৰ্কেটিং কোম্পানী (OMC)সমূহৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ২৪...

পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, পত্নীসহ একেটা পৰিয়ালৰ ৭জনক হত্যা কেব চালকৰ

বেংগালুৰুৰ শ্ৰীৰামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গণহত্যাৰ ঘটনা। পাৰিবাৰিক...