আমেৰিকাৰ ৰাজনীতিত পুনৰ উজলিল ভাৰতীয় মূলৰ প্ৰতিনিধি, লছ এঞ্জেলছৰ নিৰ্বাচনত ইতিহাস ৰচিলে কেৰালাৰ নিত্যা ৰমনে

আমেৰিকাৰ ৰাজনীতিত পুনৰ উজলিল ভাৰতীয় মূলৰ প্ৰতিনিধি। লছ এঞ্জেলছৰ মেয়ৰ নিৰ্বাচনত জয়লাভ কৰি ইতিহাস ৰচিলে কেৰালাত জন্মগ্ৰহণ কৰা ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী নিত্যা ৰমনে। বৰ্তমানৰ মেয়ৰ কেৰেন বাছক পৰাস্ত কৰি আমেৰিকাৰ অন্যতম বৃহৎ চহৰখনৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে নিত্যা ৰমন।

নিৰ্বাচনী তথ্য অনুসৰি, নিত্যা ৰমনে লাভ কৰিছে ৫১.১ শতাংশ ভোট। ইয়াৰ বিপৰীতে বৰ্তমানৰ মেয়ৰ কেৰেন বাছে লাভ কৰে ৪৮.৩৩ শতাংশ ভোট। এই জয়ৰ জৰিয়তে নিত্যা ৰমন লছ এঞ্জেলছৰ প্ৰথমগৰাকী এছিয়ান-আমেৰিকান মেয়ৰ হিচাপে পৰিগণিত হ’ব। একেদৰে চহৰখনৰ ইতিহাসত মেয়ৰৰ দায়িত্ব গ্ৰহণ কৰা দ্বিতীয়গৰাকী মহিলাও হ’ব তেওঁ।

মন কৰিবলগীয়া যে, প্ৰথম অৱস্থাত কেৰেন বাছৰ পুনৰ নিৰ্বাচনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল নিত্যা ৰমনে। কিন্তু নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে হঠাৎ নিজেই মেয়ৰ পদৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেওঁ। তুলনামূলকভাৱে পলমকৈ নিৰ্বাচনী যুঁজত প্ৰৱেশ কৰিও নিজৰ প্ৰচাৰৰ জৰিয়তে ভোটাৰৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয় নিত্যা ৰমন।

নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত লছ এঞ্জেলছৰ একাধিক স্থানীয় সমস্যাই বিশেষ চৰ্চা লাভ কৰিছিল। বিশেষকৈ বিধ্বংসী পেলিছেডছ বনজুইৰ মোকাবিলা, চহৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা গৃহহীন লোকৰ সমস্যা, হলীউডৰ কৰ্মসংস্থাপনৰ সুযোগ হ্ৰাস আৰু নাগৰিক সেৱাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাক লৈ কেৰেন বাছৰ কাৰ্যকালত অসন্তুষ্টি বৃদ্ধি পাইছিল। এই বিষয়সমূহক নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় হিচাপে তুলি ধৰি ভোটাৰৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হয় নিত্যা ৰমন।

১৯৮১ চনৰ ২৮ জুলাইত কেৰালাত জন্মগ্ৰহণ কৰা নিত্যা ৰমন এটা তামিল আয়াৰ পৰিয়ালৰ সন্তান। তেওঁৰ বয়স মাত্ৰ ছয় বছৰ থাকোঁতেই পৰিয়ালসহ আমেৰিকালৈ গুচি যায়। প্ৰথমে লুইজিয়ানাত বসবাস কৰাৰ পাছত পৰৱৰ্তী সময়ত মেছাচুচেটছত স্থায়ীভাৱে থাকিবলৈ লয় পৰিয়ালটো। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ছ’চিয়েল ষ্টাডিজত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজী (MIT)ৰ পৰা নগৰ পৰিকল্পনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে তেওঁ।

ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে নগৰ উন্নয়ন আৰু গৃহহীন লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কাম কৰিছিল নিত্যা ৰমনে। পৰৱৰ্তী সময়ত এই অভিজ্ঞতাই তেওঁৰ ৰাজনৈতিক চিন্তা-চৰ্চা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতিত বিশেষ প্ৰভাৱ পেলায়।

ইফালে, নিত্যা ৰমনৰ এই জয়ৰ জৰিয়তে আমেৰিকাৰ ৰাজনীতিত ভাৰতীয় মূলৰ প্ৰতিনিধিৰ উপস্থিতি পুনৰ চৰ্চালৈ আহিছে। ইতিমধ্যে নিউয়ৰ্কৰ মেয়ৰ জোহৰান মামদানি, চিনচিনাটিৰ মেয়ৰ আফতাব পুৰেভাল, এডিছনৰ মেয়ৰ ছেম যোশী আৰু ৰিচমণ্ডৰ মেয়ৰ ডেনি আভুলাৰ দৰে ভাৰতীয় তথা দক্ষিণ এছীয় মূলৰ ৰাজনীতিকসকলে আমেৰিকাৰ ৰাজহুৱা জীৱনত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।

নিত্যা ৰমনৰ এই নিৰ্বাচনী জয় কেৱল লছ এঞ্জেলছৰ ৰাজনৈতিক পৰিৱৰ্তনেই নহয়, বৰঞ্চ আমেৰিকাৰ ৰাজনীতিত ভাৰতীয় মূলৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য ঘটনা হিচাপে বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওদালগুৰিৰ UCO বেংকত চাঞ্চল্যকৰ ঘটনা। গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি ৯.৬৮ লাখ টকা

ওদালগুৰি জিলাৰ মাজবাটস্থিত UCO বেংকত এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা...

ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি চাইবাৰ অপৰাধী, উদ্ধাৰ ১২খন ATM কাৰ্ডসহ নগদ ধন

হোজাই জিলাৰ ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল তিনিজন সন্দেহযুক্ত...

ম্যাদ উকলা ঔষধ বিক্ৰীক কেন্দ্ৰ কৰি বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি, অসুস্থ গৰ্ভৱতী মহিলা

বৰপেটাৰোডত ম্যাদ উকলা ঔষধ বিক্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে...

পুনৰ প্ৰশাসনৰ ৰোষত ছোনম ৱাংচুক। এইবাৰ ৱাংচুকৰ লাডাখৰ বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

পুনৰ চৰকাৰী প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’ল লাডাখৰ বিশিষ্ট জলবায়ু...