গুৱাহাটীৰ ‘হোটেল বিলাস ইন’ৰ পাঁচজনীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱাৰ খবৰৰ পাছতে তেওঁৰ পৰিয়ালত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘনকান্তৰ জয়পুৰৰ লেবাংকুলাস্থিত বাসগৃহত উপস্থিত হয় বিভিন্ন লোক। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ঘনকান্তৰ ভাই-বোৱাৰীয়ে।
ভাই-বোৱাৰীয়েকৰ অভিযোগ অনুসৰি, ঘনকান্ত গগৈৰ এনকাউণ্টাৰৰ বিষয়ে প্ৰশাসনৰ ফালৰ পৰা এই পৰ্যন্ত তেওঁলোকক কোনো আনুষ্ঠানিক তথ্য প্ৰদান কৰা হোৱা নাই। সংবাদ মাধ্যম আৰু বাতৰিৰ জৰিয়তেহে তেওঁলোকে সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰিছে।
পৰিয়ালৰ সদস্যই প্ৰশাসনক প্ৰশ্ন কৰি কয়, “আমাক কিয় খবৰ দিয়া নাই? প্ৰশাসনৰ ফালৰ পৰা আমাক এতিয়ালৈকে একো জনোৱা নাই।”
ইয়াৰ উপৰি ঘনকান্ত গগৈক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰলৈ নিয়াৰ বিষয়েও পৰিয়ালক কোনো আনুষ্ঠানিক তথ্য দিয়া হোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰে ভাই-বোৱাৰীয়েকে। মহিলাগৰাকীৰ ভাষ্য, “আমাৰ পৰিয়ালৰ এজন সদস্য নোহোৱা হ’ল, অথচ আমাক কোনো তথ্য নিদিয়াকৈ এনেদৰে সমগ্ৰ ঘটনা ঘটি গ’ল।”
আনহাতে, আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন অভিযুক্তৰ সুৰক্ষাৰ দায়িত্ব আৰক্ষীৰ বুলি উল্লেখ কৰি এনেদৰে এনকাউণ্টাৰত নিহত হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে তেওঁ।
