আজি ঘোষণা হ’ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ দিন আৰু বিধি। ৭০০ৰো অধিক শাখাই অংশ ল’ব এই নিৰ্বাচনত। ৭জনীয়া উচ্চস্তৰীয় সমিতিৰ দ্বাৰা আজি প্ৰস্তুত হ’ব ৫জনীয়া তালিকা। সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে হ’ব নিৰ্বাচন।
উচ্চস্তৰীয় সমিতিয়ে তালিকা প্ৰেৰণ কৰিব শাখা আৰু জিলা সাহিত্য সভালৈ। কিছু সময়ৰ পিছতেই অনুষ্ঠিত হ’ব উচ্চস্তৰীয় সমিতিৰ বৈঠক।
এগৰাকী সদস্য মহীয়ান, সাহিত্যচার্য, পূৰ্বৰ সভাপতি, উপ-সভাপতি,বৰ্তমানৰ সভাপতি,উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ দ্বাৰা গঠন কৰা হৈছে এই উচ্চস্তৰীয় সমিতি।
