গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শোকসন্তপ্ত ভৰালী পৰিয়ালৰ সদস্যসকলে। গভীৰ শোকৰ মাজতো অভিযুক্তৰ মৃত্যুৰ খবৰে কিছু মানসিক শান্তি প্ৰদান কৰা বুলি মন্তব্য কৰিছে নিহত ভূদেৱ ভৰালীৰ জ্যেষ্ঠ কন্যা অংকিতা ভৰালীৰ লগতে পৰিয়ালৰ আন সদস্যসকলে।
সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ অংকিতা ভৰালীয়ে কয় যে তেওঁলোকৰ পৰিয়ালে দীৰ্ঘদিন ধৰি ন্যায়ৰ অপেক্ষাত আছিল। পিতৃ, পেহী, জ্যেষ্ঠ ভাতৃ আৰু বৌৱেকক হেৰুৱাই পৰিয়ালটোৱে এতিয়াও স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পৰা নাই যদিও আজিৰ খবৰে কিছু সকাহ দিছে।
অংকিতাৰ ভাষ্য, “আমাক ন্যায় লাগিছিল, ন্যায় পাইছোঁ। এতিয়া তেওঁলোকৰ ভাল স্মৃতিবোৰ বুকুত লৈয়ে বাকী জীৱন কটাব লাগিব।” লগতে নিহত আপোনজনৰ আত্মাই শান্তি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ।
ইফালে, নিহত ভূদেৱ ভৰালী আৰু হেলেনা ভৰালীৰ আশীৰ ঊৰ্ধ্বৰ মাতৃ তুংগলতা ভৰালীয়েও ঘনকান্ত গগৈৰ মৃত্যুৰ খবৰ লাভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ন্যায় পোৱা যেন অনুভৱ কৰা বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। লগতে কঠিন সময়ছোৱাত ভৰালী পৰিয়ালৰ কাষত থিয় দিয়া অসমবাসী ৰাইজৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে বৃদ্ধা মাতৃগৰাকীয়ে।
আনহাতে, ৰিণিকাৰ ভাতৃয়েও অসম আৰক্ষী আৰু অসম চৰকাৰক ধন্যবাদ জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনে এটা খবৰৰ বাবেই পৰিয়ালৰ লোকসকলে অপেক্ষা কৰি আছিল বুলি তেওঁ উল্লেখ কৰে।
ইফালে, পৰিয়ালটোৰ দুই কণমানিৰ বৰ্তমান অৱস্থা পূৰ্বতকৈ কিছু স্বাভাৱিক হোৱা বুলিও জানিবলৈ দিয়ে ৰিণিকাৰ ভাতৃয়ে। কাইলৈ দুই কণমানিক বৰপেটাৰ বাসগৃহলৈ লৈ যোৱা হ’ব। তাত শ্ৰাদ্ধৰ কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত পৰিয়ালৰ সৈতে আলোচনা কৰি দুই কণমানি ক’ত থাকিব, সেই সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, এই ভয়ংকৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে গভীৰ শোক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আপোনজনক হেৰুৱাই ভাঙি পৰা পৰিয়ালসমূহে এতিয়া শোকৰ মাজতে জীৱন নতুনকৈ আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাইছে।
