শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘনকান্ত গগৈৰ

পুৱতি নিশা ৩.১০ বজাত সংঘটিত হয় গুলীচালনাৰ ঘটনা। আৰক্ষীৰ গুলীত মৃত্যু ৫ হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্তৰ।

শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় হোটেল ‘বিলাস ইন’ কাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ। পুৱতি নিশা প্ৰায় ৩.১০ বজাত শিৱসাগৰৰ ফুলপানী চিগাৰ ৰংমন ধাবাৰ সমীপত সংঘটিত হয় এই ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল ঘনকান্ত গগৈয়ে। ইয়াৰ পিছতে আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীয়ে মুঠ তিনিজাঁই গুলীচালনা কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ এটা গুলী ঘনকান্ত গগৈৰ বুকুত লাগে। আন এটা গুলী আৰক্ষীৰ বাহনত লাগে আৰু তৃতীয়টো গুলীত আহত হয় শিৱসাগৰ নগৰ আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মা। তেওঁৰ সোঁ ভৰিত গুলী লাগে।

উল্লেখ্য যে, শিৱসাগৰ থানাত ৰুজু হৈ থকা ১০৮/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত ঘনকান্ত গগৈক শিৱসাগৰলৈ অনা হৈছিল। মঙলবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু সন্ধিয়াই শিৱসাগৰলৈ লৈ যোৱা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মজুৰি বৃদ্ধিৰ দাবীত উত্তাল বাংলাদেশ! পোছাক কৰ্মীৰ প্ৰতিবাদত সংঘৰ্ষ, আহত শতাধিক

মজুৰি বৃদ্ধিৰ দাবীত পোছাক উদ্যোগৰ শ্ৰমিকসকলে অব্যাহত ৰখা প্ৰতিবাদক...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় গ্লেন মেক্সৱেলৰ! ১৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সামৰণি

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ...

৪৮ বছৰ ধৰি পানী খোৱা নাই বিশ্বৰ অন্যতম ধনকুবেৰ ৱাৰেন বাফেটে! পানীৰ সলনি কি পান কৰে তেওঁ?

বিশ্বৰ অন্যতম ধনকুবেৰ তথা প্ৰখ্যাত বিনিয়োগকাৰী ৱাৰেন বাফেটৰ খাদ্যাভ্যাসক...