ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতিত পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ বিৰুদ্ধে। আনহাতে, পত্নীক হত্যাৰ পিছতে আত্মহত্যা কৰে অভিযুক্ত স্বামী ইমদাদ আলীয়ে।
এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ৰঙিয়াৰ কঞা থানাৰ অন্তৰ্গত বৰডোঙা বটাকুছি গাঁৱৰ ইছলামপুৰ চুবুৰীত।
প্ৰাপ্ত অভিযোগ অনুসৰি, নিজ গৃহত শুই থকা অৱস্থাতে পত্নী মাবিয়াৰা বেগমক দাৰে ঘপিয়াই হত্যা কৰে স্বামী ইমদাদ আলীয়ে। ইয়াৰ পিছতে ঘৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ কলমণি গাঁৱত আত্মহত্যা কৰে অভিযুক্ত স্বামীয়ে।
প্ৰাথমিকভাৱে পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
এটা পাৰিবাৰিক সংঘাতৰ এনে কৰুণ পৰিণতিত সমগ্ৰ অঞ্চলটোতে শোক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই শোকাৱহ ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ।
