ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ক’ৰ কমিটীৰ তিনিখনকৈ বৈঠক, আগন্তুক পৰিষদীয় নিৰ্বাচনক লৈ বিশেষ আলোচনা

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হয় ক’ৰ কমিটীৰ তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত অনুষ্ঠিত হয় দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক। ইয়াৰ পিছতে বিজেপিৰ অনুসূচিত জনজাতি (ST) মৰ্চা আৰু যুৱ মৰ্চাৰ পৃথক বৈঠক অনুষ্ঠিত হয়।

বৈঠকসমূহত বিগত নিৰ্বাচনসমূহৰ ফলাফল আৰু দলৰ সাংগঠনিক স্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। কৰ্ণধাৰ সমিতিৰ বৈঠকত নৱনিযুক্ত প্ৰভাৰী, সহ-প্ৰভাৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সহ-তত্ত্বাৱধায়কসকলো উপস্থিত থাকে।

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন দলীয় প্ৰতীক চিহ্নত অনুষ্ঠিত নহ’ব। এই নিৰ্বাচনসমূহৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নেতৃত্ব নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ স্পষ্ট কৰে। অৱশ্যে পৌৰ নিগমৰ নিৰ্বাচন দলীয় প্ৰতীক চিহ্নতেই অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নগাঁও নিৰ্বাচনৰ ফলাফল সন্দৰ্ভতো বৈঠকত আলোচনা হোৱা বুলি জানিবলৈ দিয়ে তেওঁ। মুখ্যমন্ত্ৰীয়ে কয় যে আদৰ্শৰ সৈতে বিজেপিয়ে কোনো ধৰণৰ আপোচ নকৰে। লগতে মুছলমান লোকেও বিজেপিক ভোট দিছে আৰু ভৱিষ্যতেও ভোট দিব বুলি মন্তব্য কৰি মুছলমান অধ্যুষিত অঞ্চলসমূহত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আনহাতে, কংগ্ৰেছৰ ‘মক পাৰ্লিয়ামেণ্ট’ কাৰ্যসূচীক লৈও মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে। তেওঁ কয় যে প্ৰকৃত লোকসভা আৰু বিধানসভাত বিজেপিৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী থাকিব, আনহাতে মক পাৰ্লিয়ামেণ্টত কংগ্ৰেছে নিজৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দেখুৱাব। ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষাৰ বাবেই খাৰ্গেৰ চোতালত মক পাৰ্লিয়ামেণ্ট অনুষ্ঠিত কৰা হৈছে বুলিও মন্তব্য কৰে তেওঁ।

অসমৰ উন্নয়নৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে এতিয়া নতুন উচ্চতাত উপনীত হোৱাৰ লক্ষ্য লৈছে। অসমলৈ বুলেট ট্ৰেইন অহাৰ কথাও তেওঁ উল্লেখ কৰে।

ইফালে, বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এই বৃদ্ধি সাময়িক বুলি অভিহিত কৰে। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱৰ বাবেই বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা বুলি তেওঁ মন্তব্য কৰে।

কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীক লৈও মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। শাসকীয় দলৰ নেতাসকলে ৰাজপথলৈ ওলাই আহিব নোৱাৰে বুলি কংগ্ৰেছক কোনে ক’লে, সেয়া তেওঁ নাজানে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বতে কংগ্ৰেছ শাসনত থকাৰ সময়তো মহাত্মা গান্ধীয়ে আন্দোলন অব্যাহত ৰাখিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্বিলং চেৰী ব্লছম ফেষ্টিভেল কেতিয়া? কেনেকৈ টিকট ক্ৰয় কৰিব পাৰি?

প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰ আৰু মনোমোহা পৰিৱেশৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ...