ম্যানমাৰত সামৰিক বাহিনীৰ বিমান আক্ৰমণত নৱজাতকসহ প্ৰায় ২৫জনৰ মৃত্যু, প্ৰসূতি চিকিৎসালয় আৰু বিদ্যালয়তো বোমাবৰ্ষণ

ম্যানমাৰত সামৰিক বাহিনীৰ ধাৰাবাহিক বিমান আক্ৰমণত এটি নৱজাতক শিশুসহ কমেও ১৫জন লোকৰ মৃত্যু হৈছে। সপ্তাহৰ শেষৰ দুটা দিনত দেশখনৰ বিভিন্ন স্থানত সংঘটিত এই আক্ৰমণত এখন প্ৰসূতি চিকিৎসালয় আৰু এখন বিদ্যালয়ো ক্ষতিগ্ৰস্ত হৈছে। সোমবাৰে এটা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন, এগৰাকী সাহায্যকৰ্মী আৰু মানৱ অধিকাৰ নিৰীক্ষণকাৰী সংস্থাই এই তথ্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে, কেইবাবছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিচ্ছিন্ন হৈ থকাৰ পিছত কূটনৈতিক সম্পৰ্ক পুনৰ গঢ়ি তোলাৰ চেষ্টা চলোৱাৰ মাজতে ম্যানমাৰৰ সামৰিক সমৰ্থিত চৰকাৰে বিদ্ৰোহী গোটসমূহৰ নিয়ন্ত্ৰণত থকা অঞ্চল পুনৰ দখলৰ বাবে সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিছে। সামৰিক সমৰ্থিত চৰকাৰখনে পূৰ্বেও এই অভিযানক ‘সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৈধ যুঁজ’ বুলি অভিহিত কৰি আহিছে।

দেওবাৰে পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ চাৰিটা টাউনশ্বিপত বিমান আক্ৰমণ চলোৱা হয়। শেহতীয়াকৈ আৰাকান আৰ্মীয়ে ৰাজ্যখনৰ অধিকাংশ অঞ্চল নিয়ন্ত্ৰণলৈ অনাৰ লগতে ৰাজধানী ছিটৱেৰ দিশে আগবাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত সংঘৰ্ষ তীব্ৰতৰ হৈ পৰিছে।

প্ৰতিবেদন অনুসৰি, কিয়াউকতাৱৰ এখন দলং, কিয়াউকপিউ আৰু পাউকতাউৰ কেইবাটাও স্থানৰ লগতে আৰাকান আৰ্মীৰ নিয়ন্ত্ৰণাধীন ম্ৰাউক-উৰ এখন অস্থায়ী চিকিৎসালয় আৰু প্ৰসূতি কেন্দ্ৰত বোমাবৰ্ষণ কৰা হয়। এই আক্ৰমণত কমেও ১২জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩২জন আহত হয় বুলি আৰাকান আৰ্মীৰ এগৰাকী মুখপাত্ৰ আৰু এগৰাকী সাহায্যকৰ্মীয়ে জানিবলৈ দিয়ে।

ম্ৰাউক-উত কৰ্মৰত সাহায্যকৰ্মী ৱাই হুন আঙে জানিবলৈ দিয়া মতে, আক্ৰমণত এসপ্তাহীয়া এটি কন্যা শিশুৰ মৃত্যু হয়। শিশুটিৰ যমজ ভগ্নী জীৱিত অৱস্থাত আছে। পিছদিনা চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ কথা আছিল নৱজাতকটিৰ। কিন্তু বোমাৰ বিস্ফোৰণত অট্টালিকাটো খহি পৰাত ধ্বংসাৱশেষৰ তলত পৰি শিশুটিৰ মৃত্যু হয়। এই আক্ৰমণত স্বাস্থ্যকৰ্মীসহ আন চাৰিজন লোকৰো মৃত্যু হয়।

ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ শনিবাৰে থাইলেণ্ড সীমান্তৰ সমীপৱৰ্তী কায়াহ ৰাজ্যৰ লইকাওত সামৰিক বাহিনীৰ বিমান আক্ৰমণত এখন বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাতে বোমা পৰে। এই আক্ৰমণত তিনিগৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে পাঁচজন আহত হয় বুলি কেৰেনি হিউমেন ৰাইটছ গ্ৰুপে (KnHRG) সোমবাৰে প্ৰকাশ কৰে।

সংগঠনটোৰ লগতে কেৰেনি অন্তৱৰ্তীকালীন কাৰ্যবাহী পৰিষদৰ সম্পাদক বানিয়াৰ খুন আঙৰ মতে, এখন Y-12 পৰিবহণ বিমান আৰু এখন যুদ্ধবিমানে বিদ্যালয়খনত ২০টাতকৈও অধিক বোমা নিক্ষেপ কৰিছিল। তেওঁ দাবী কৰে যে আক্ৰমণৰ সময়ত অঞ্চলটোত কোনো সামৰিক বাহিনীৰ চলাচল বা সংঘৰ্ষ হোৱা নাছিল।

বানিয়াৰ খুন আঙে কয় যে কণ কণ শিশুৱে অধ্যয়ন কৰি থকা বিদ্যালয় এখনক লক্ষ্য কৰি বাৰে বাৰে বোমাবৰ্ষণ কৰাটো অমানৱীয় কাৰ্য আৰু ই যুদ্ধাপৰাধৰ পৰ্যায়ত পৰে।

ইফালে, সংঘৰ্ষৰ প্ৰভাৱ সীমান্ত অতিক্ৰম কৰি থাইলেণ্ডতো পৰিছে। থাইলেণ্ড চৰকাৰৰ মতে, সীমান্তৱৰ্তী অঞ্চলত সংঘাত বিয়পি পৰাৰ ফলত ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে আৰু এজন লোক আহত হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি থাইলেণ্ডৰ যুদ্ধবিমানেও সীমান্ত অঞ্চলত আকাশী টহল অব্যাহত ৰাখিছে।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী অনুটিন চানভিৰাকুলে কয় যে পৰিস্থিতিয়ে যাতে থাইলেণ্ডক প্ৰভাৱিত নকৰে, তাৰ বাবে ম্যানমাৰক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে তেওঁৰ চৰকাৰে।

২০২১ চনত সামৰিক অভ্যুত্থানৰ জৰিয়তে আং ছান ছ্যু কীৰ নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰাৰ পিছৰে পৰা ম্যানমাৰত গৃহযুদ্ধ অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, এই সংঘাতত এতিয়ালৈকে প্ৰায় এক লাখ লোকৰ মৃত্যু হৈছে আৰু ৩৫ লাখতকৈ অধিক লোক গৃহহীন হৈছে।

অভ্যুত্থানৰ নেতৃত্ব দিয়া তথা বৰ্তমানৰ ৰাষ্ট্ৰপতি মিন আং হ্লাইঙৰ সামৰিক বাহিনীয়ে চীন, ভাৰত আৰু ৰাছিয়াৰ সমৰ্থন লাভ কৰি আহিছে। শেহতীয়া মাহকেইটাত তেওঁৰ প্ৰশাসনে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ ক্ষেত্ৰতো কিছু অগ্ৰগতি লাভ কৰিছে। আনকি আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলৰ সৈতেও গোপন আলোচনা অনুষ্ঠিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

অৱশ্যে দেশখনৰ বিদ্ৰোহী সংগঠনসমূহক পৰাস্ত কৰাত সামৰিক বাহিনী যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ফলত বিমান আক্ৰমণৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। চলিত বৰ্ষৰ আৰম্ভণিতে ৰয়টাৰ্ছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ইৰাণৰ পৰা ভুৱা নথি-পত্ৰৰ জৰিয়তে প্ৰেৰণ কৰা জেট ইন্ধন ব্যৱহাৰ কৰি ম্যানমাৰৰ সামৰিক বাহিনীয়ে বিমান আক্ৰমণ অব্যাহত ৰাখিছে।

ইফালে, ৰাষ্ট্ৰসংঘৰ তদন্তকাৰীসকলে যোৱা আগষ্ট মাহত ম্যানমাৰৰ সামৰিক বাহিনীৰ বিৰুদ্ধে বিদ্যালয় আৰু চিকিৎসালয়কে ধৰি অসামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি ইচ্ছাকৃতভাৱে বিমান আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ম্যানমাৰৰ বৈদেশিক মন্ত্ৰ্যালয়ে দাবী কৰিছিল যে অসামৰিক লোকৰ ক্ষতি ৰোধ কৰিবলৈ সামৰিক বাহিনীয়ে সৰ্বোচ্চ সংযম অৱলম্বন কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যোৱা মাহত ৰাখাইন ৰাজ্যৰ কিয়াউকতাৱ আৰু পন্নাগ্যুন টাউনশ্বিপৰ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলৰ শিবিৰত সামৰিক বাহিনীৰ বিমান আক্ৰমণত কমেও ৫৮জন লোকৰ মৃত্যু হৈছিল। শেহতীয়া আক্ৰমণৰ ঘটনাই ম্যানমাৰৰ গৃহযুদ্ধত অসামৰিক লোকৰ নিৰাপত্তাক লৈ পুনৰ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্বিলং চেৰী ব্লছম ফেষ্টিভেল কেতিয়া? কেনেকৈ টিকট ক্ৰয় কৰিব পাৰি?

প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰ আৰু মনোমোহা পৰিৱেশৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ...

তামুলপুৰৰ গড়গড়ীত জোঁৱায়েকক চোকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

তামুলপুৰ জিলাৰ গড়গড়ীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। শহুৰেকৰ...