ইৰানৰ ওপৰত পুনৰ আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে আমেৰিকাৰ বিৰুদ্ধে। সোমবাৰে হৰমুজ প্ৰণালীৰ কেশম দ্বীপত কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। দূৰ-দূৰণিৰ পৰাও বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। এই ঘটনাই অঞ্চলটোত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, কেইদিনমান পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে তেহৰানৰ বিৰুদ্ধে নতুন সামৰিক অভিযানৰ হুংকাৰ দিছিল। তাৰ মাজতে কেশম দ্বীপত সংঘটিত এই বিস্ফোৰণে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
যোৱা কেইসপ্তাহমানত আমেৰিকাই ইৰানৰ বিভিন্ন স্থানত কেইবাটাও আক্ৰমণ চলাইছে। ৱাশ্বিংটনে এই আক্ৰমণসমূহক ‘সীমিত অভিযান’ বুলি অভিহিত কৰিছে। সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ভৱিষ্যতে বৃহৎ পৰিসৰৰ আক্ৰমণৰ আগজাননী যাতে ইৰানে লাভ কৰিব নোৱাৰে, তাৰ বাবে আমেৰিকাৰ সেনাই অভিযানসমূহৰ তথ্য গোপনে ৰখাৰ কৌশল গ্ৰহণ কৰিছে।
ইফালে, কেইদিনমান পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত ফোনযোগে আলোচনা হৈছিল। ইৰানৰ সৈতে আমেৰিকাৰ সম্ভাৱ্য চুক্তি আৰু দেশখনৰ ওপৰত নতুনকৈ সামৰিক আক্ৰমণ চলোৱাৰ বিষয়েও দুয়োগৰাকী নেতাৰ মাজত আলোচনা হোৱা বুলি জানিব পৰা গৈছে। নেতানিয়াহুৱে ট্ৰাম্পক পুনৰ ইৰানত আক্ৰমণ চলাবলৈ আহ্বান জনোৱা বুলিও সূত্ৰৰ খবৰ।
অৱশ্যে সোমবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে ইৰানৰ ওপৰত নতুনকৈ আক্ৰমণ চলাব নে নাই, সেই সন্দৰ্ভত নিশ্চিত সিদ্ধান্ত লোৱা নাই বুলি জানিবলৈ দিয়ে। লগতে দুয়োখন দেশৰ মাজত কূটনৈতিক আলোচনাৰ সম্ভাৱনাও নুই কৰা নাই তেওঁ।
আনহাতে, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে সোমবাৰে কয় যে আমেৰিকা আৰু ইৰানৰ মাজত এতিয়াও চুক্তি সম্পাদনৰ সম্ভাৱনা আছে। এনে চুক্তি সম্পাদন হ’লে দুয়োখন দেশৰ মাজত পুনৰ যুদ্ধৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা হ্ৰাস পাব বুলিও তেওঁ মন্তব্য কৰে।
জানিব পৰা মতে, ইৰানৰ নিৰাপত্তা প্ৰধান মহছিন ৰেজাইক এখন পত্ৰ প্ৰেৰণ কৰিছিল ভান্সে। অৱশ্যে হোৱাইট হাউছে পত্ৰখনৰ বিষয়বস্তু প্ৰকাশ কৰা নাই। পিছত ট্ৰাম্পে জানিবলৈ দিয়ে যে চিকিৎসা সামগ্ৰীকে ধৰি বিভিন্ন বিষয়ত আলোচনাৰ বাবেই পত্ৰখন প্ৰেৰণ কৰা হৈছিল।
এতিয়া কেশম দ্বীপত সংঘটিত এই আক্ৰমণৰ পিছত ইৰানে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি নিবদ্ধ হৈছে।
