দিনটোত মাত্ৰ এবাৰ আহাৰ, ৩০ মিনিটৰ ব্যায়াম! ৬১ বছৰীয়া শ্বাহৰুখ খানৰ ফিটনেছৰ ৰহস্য জানেনে?

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। অভিনয়, ব্যক্তিত্ব আৰু আকৰ্ষণীয় ৰূপেৰে দৰ্শকৰ হৃদয় জয় কৰি অহা অভিনেতাগৰাকীৰ ফিটনেছক লৈও চৰ্চা অব্যাহত থাকে। বয়স বাঢ়িলেও তেওঁৰ শাৰীৰিক সক্ষমতা আৰু কৰ্মশক্তি বহু লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস।

৬১ বছৰ বয়সত ভৰি দিয়াৰ সময়তো নিজৰ শৰীৰ সুস্থ আৰু সবল কৰি ৰখাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট সচেতন। নিয়মীয়া ব্যায়াম, নিয়ন্ত্ৰিত খাদ্যাভ্যাস আৰু শৃংখলাবদ্ধ জীৱনশৈলীয়েই তেওঁৰ ফিটনেছৰ অন্যতম ৰহস্য বুলি চৰ্চা হৈছে।

দিনত মাত্ৰ এবাৰ আহাৰ গ্ৰহণ

শ্বাহৰুখ খানৰ খাদ্যাভ্যাসক লৈ বহুদিনৰ পৰাই চৰ্চা চলি আহিছে। ২০২৪ চনত এটা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছিল যে তেওঁ দিনটোত মাত্ৰ এবাৰহে আহাৰ গ্ৰহণ কৰে। অৱশ্যে তেওঁ কোনো জনপ্ৰিয় খাদ্য-নিয়ন্ত্ৰণৰ ধাৰা অনুসৰণ কৰি এনে নকৰে। নিজৰ শৰীৰৰ সুবিধা আৰু স্বাচ্ছন্দ্যৰ বাবেই তেওঁ বহু বছৰ ধৰি এই অভ্যাস বজাই ৰাখিছে।

তেওঁৰ দৈনন্দিন খাদ্য তালিকাত সাধাৰণতে অংকুৰিত শস্য, গ্ৰিল কৰা মাংস, ব্ৰকলি আৰু অলপ দাইল থাকে। অৱশ্যে আনৰ ঘৰত অতিথি হিচাপে গ’লে তেওঁ বিৰিয়ানি, ৰুটি, পৰঠা, ঘিউযুক্ত খাদ্য আৰু লাচ্ছিৰ দৰে খাদ্যও উপভোগ কৰে।

দৈনিক ৩০ মিনিটৰ ব্যায়াম

শ্বাহৰুখ খানৰ মতে, শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ প্ৰতিদিনে ৪-৫ ঘণ্টা জিমত কটোৱাৰ প্ৰয়োজন নাই। নিয়মীয়াকৈ ব্যায়াম কৰাটোহে অধিক গুৰুত্বপূৰ্ণ।

ব্যস্ত কৰ্মসূচীৰ মাজতো তেওঁ শৰীৰচৰ্চাৰ বাবে সময় উলিয়ায়। আনকি নিশা শ্বুটিং সামৰি উভতি অহাৰ পাছতো তেওঁ ব্যায়াম কৰিবলৈ নাপাহৰে। সাধাৰণতে প্ৰতিদিনে প্ৰায় ৩০ মিনিট শৰীৰচৰ্চা কৰে অভিনেতাগৰাকীয়ে।

তেওঁৰ ব্যক্তিগত প্ৰশিক্ষক প্ৰশান্ত সাৱন্তৰ মতে, শ্বাহৰুখে সপ্তাহত ৪-৫ দিন প্ৰায় ৪৫ মিনিট সময় শক্তি বৃদ্ধিৰ বিশেষ ব্যায়াম (Strength Training) কৰে। জিমত ব্যায়াম কৰাৰ লগতে বিভিন্ন খেল-ধেমালিতো তেওঁ আগ্ৰহী।

ক’ভিডকালীন সময়ৰ পৰাই নিজৰ ফিটনেছৰ প্ৰতি অধিক সচেতন হৈ পৰিছিল শ্বাহৰুখ। তাৰ পৰৱৰ্তী সময়ত ‘পাঠান’ আৰু ‘জৱান’ৰ দৰে ছবিত তেওঁৰ সুগঠিত শৰীৰ আৰু শক্তিশালী অভিনয়ৰ জৰিয়তে তাৰ প্ৰতিফলন দেখা গৈছিল।

টোপনিৰ ক্ষেত্ৰতো আনিছে পৰিৱৰ্তন

শ্বাহৰুখ খানৰ কৰ্মব্যস্ত জীৱনশৈলী আন বহু লোকতকৈ পৃথক। এটা সময়ত নিশা ২ বজাত শ্বুটিং সামৰি ঘৰলৈ উভতি আহি ব্যায়াম কৰাৰ পাছত পুৱা প্ৰায় ৫ বজাতহে তেওঁ শুবলৈ গৈছিল।

অৱশ্যে বয়স আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া নিজৰ টোপনিৰ সময়সূচী সলনি কৰিছে অভিনেতাগৰাকীয়ে। আগতে দিনটোত মাত্ৰ ৪ ঘণ্টা শুইছিল যদিও বৰ্তমান অন্ততঃ ৫-৬ ঘণ্টা বিশ্ৰাম ল’বলৈ চেষ্টা কৰে।

ফিটনেছৰ মূলমন্ত্ৰ কি?

শ্বাহৰুখ খানৰ ফিটনেছৰ আঁৰত আছে নিয়মীয়াকৈ শৰীৰচৰ্চা কৰা, খাদ্যাভ্যাসৰ প্ৰতি সচেতন হোৱা আৰু জীৱনশৈলীত শৃংখলা বজাই ৰখা। দীঘলীয়া সময় জিমত কটোৱাতকৈ প্ৰতিদিনে নিজৰ শৰীৰৰ বাবে কিছু সময় উলিওৱাটোক তেওঁ অধিক গুৰুত্ব দিয়ে।

অৱশ্যে দিনটোত এবাৰ আহাৰ গ্ৰহণ কৰাটো শ্বাহৰুখৰ ব্যক্তিগত অভ্যাসহে। চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ অবিহনে আন কোনো ব্যক্তিয়ে এই খাদ্যাভ্যাস অনুসৰণ কৰাটো উচিত নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তামুলপুৰৰ গড়গড়ীত জোঁৱায়েকক চোকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

তামুলপুৰ জিলাৰ গড়গড়ীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। শহুৰেকৰ...