মাজুলীৰ পৰ্যটনত নতুন সংযোজন! মাজুলীত এইবাৰ পৰ্যটকৰ বাবে চলিব অত্যাধুনিক ডাবল ডেকাৰ বাছ; বাছৰ পৰাই উপভোগ কৰিব পাৰিব মাজুলীৰ সংস্কৃতি, প্ৰাকৃতিক বৈভৱ

পৰ্যটকৰ বাবে এক বিশেষ উপহাৰ! এইবাৰ বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীত চলাচল কৰিব অত্যাধুনিক ডাবল ডেকাৰ বাছ। বাছখনত উঠিয়েই পৰ্যটকে উপভোগ কৰিব পাৰিব মাজুলীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহ্য আৰু চহকী সংস্কৃতি।

মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনলৈ নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ। মাজুলীৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক বৈভৱক পৰ্যটকৰ মাজত অধিক আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ উদ্দেশ্যে এই অত্যাধুনিক ডাবল ডেকাৰ বাছৰ ব্যৱস্থা কৰা হৈছে।

জানিব পৰা মতে, পঞ্জাৱৰ জলন্ধৰত বাছখনৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। সকলো ঠিকে-ঠাকে থাকিলে আগন্তুক ৰাস মহোৎসৱৰ পূৰ্বেই বাছখন মাজুলীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ড০ পীতাম্বৰদেৱ গোস্বামীয়ে। বাছখন মাজুলীত উপস্থিত হোৱাৰ পিছত পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে মাজুলীৰ সত্ৰসমূহ, পৰম্পৰাগত সংস্কৃতি, প্ৰাকৃতিক পৰিৱেশ আৰু বিভিন্ন পৰ্যটনস্থলীৰ সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ লাভ কৰিব পৰ্যটকে।

ইফালে, বাছখনৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে, মাজুলী কেৱল এখন পৰ্যটনস্থলী নহয়, ই অসমৰ সত্ৰীয়া সংস্কৃতি, ভাওনা, মুখাশিল্প আৰু ঐতিহ্যৰ এক অন্যতম প্ৰাণকেন্দ্ৰ। এনে পৰিপ্ৰেক্ষিতত অত্যাধুনিক ডাবল ডেকাৰ বাছৰ সংযোজনে মাজুলীৰ পৰ্যটন উদ্যোগলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।

এতিয়া সকলোৰে অপেক্ষা—কেতিয়া মাজুলীৰ পথত চলিব এই বিশেষ ডাবল ডেকাৰ বাছ আৰু কেতিয়া পৰ্যটকে বাছৰ পৰাই উপভোগ কৰিব পাৰিব নদীদ্বীপটোৰ অনন্য সৌন্দৰ্য!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related