মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ভিতৰত বন বিভাগে পুখুৰী খননৰ কাম হাতত লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বন্যপ্ৰাণীৰ খোৱাপানীৰ সুবিধাৰ্থে SOPD আঁচনিৰ অধীনত খন্দা হৈছে দুটাকৈ পুখুৰী। কিন্তু পুখুৰী দুটাৰ কাৰ্যকাৰিতা আৰু ইয়াৰ বাবে ব্যয় কৰা চৰকাৰী ধনৰ সদ্ব্যৱহাৰক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।
এফালে বন বিভাগে গছপুলি ৰোপণ আৰু বনাঞ্চল সংৰক্ষণৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰচাৰ কৰি আহিছে, আনফালে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ভিতৰত চলিছে মাটি খননৰ কাম। বনাঞ্চলৰ পৰিৱেশ আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ দায়িত্বত থকা বন বিভাগৰ এই পদক্ষেপক লৈ এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, SOPD আঁচনিৰ অধীনত অভয়াৰণ্যখনৰ ভিতৰত বন্যপ্ৰাণীৰ খোৱাপানীৰ সুবিধাৰ্থে দুটাকৈ পুখুৰী খন্দাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে। প্ৰতিটো পুখুৰীৰ দৈৰ্ঘ্য ৪০ ফুট, প্ৰস্থ ৪০ ফুট আৰু গভীৰতা প্ৰায় এক মিটাৰ নিৰ্ধাৰণ কৰা হৈছে।
বন্যপ্ৰাণীৰ বাবে খোৱাপানীৰ ব্যৱস্থা গ্ৰহণ কৰাটো আদৰণীয় পদক্ষেপ হিচাপে বিবেচিত হ’লেও পুখুৰী দুটাৰ বাস্তৱিক উপযোগিতাক লৈহে প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ বাৰিষাৰ পিছত পুখুৰী দুটাত কিমান দিনলৈ পানী জমা হৈ থাকিব আৰু খৰালি কালত বন্যপ্ৰাণীৰ প্ৰকৃততে কিমান উপকাৰ হ’ব, তাক লৈ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে।
উল্লেখযোগ্য যে, হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ভিতৰত পূৰ্বৰে পৰা কেইবাটাও প্ৰাকৃতিক জলাশয় আছে। এনে পৰিস্থিতিত নতুনকৈ পুখুৰী খন্দাৰ পৰিৱৰ্তে পূৰ্বৰে পৰা থকা প্ৰাকৃতিক জলাশয়সমূহৰ উন্নয়ন, পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ জৰিয়তে বন্যপ্ৰাণীৰ খোৱাপানীৰ সমস্যা সমাধান কৰিব পৰা গ’লহেঁতেন নেকি, সেই প্ৰশ্নও উত্থাপন হৈছে।
ইফালে, বন বিভাগৰ এই কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ মতে, পুখুৰী খননৰ এই ব্যৱস্থাই প্ৰকৃততে বন্যপ্ৰাণীৰ কিমান উপকাৰ সাধন কৰিব, সেয়া সন্দেহৰ আৱৰ্তত। আঁচনিখনৰ নামত ব্যয় কৰা চৰকাৰী ধনৰ সদ্ব্যৱহাৰ হৈছে নে নাই, সেই বিষয়তো সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে। আনকি চৰকাৰী ধনৰ অপব্যৱহাৰৰ আশংকাও প্ৰকাশ কৰিছে সংগঠনটোৱে।
সেয়ে সমগ্ৰ বিষয়টোৰ এক নিৰপেক্ষ আৰু উচিত তদন্তৰ দাবী জনাইছে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদে। পুখুৰী নিৰ্মাণৰ প্ৰয়োজনীয়তা, ইয়াৰ কাৰিকৰী দিশ, নিৰ্ধাৰিত ধনৰ পৰিমাণ আৰু কামৰ গুণগত মান পৰীক্ষা কৰাৰো দাবী উত্থাপন হৈছে।
এতিয়া স্বাভাৱিকতেই কেইবাটাও প্ৰশ্নৰ অৱতাৰণা হৈছে। অভয়াৰণ্যখনৰ ভিতৰত পূৰ্বৰে পৰা থকা প্ৰাকৃতিক জলাশয়সমূহৰ উন্নয়নৰ পৰিৱৰ্তে নতুনকৈ পুখুৰী খন্দাৰ প্ৰয়োজনীয়তা কিমান আছিল? পুখুৰী দুটাই বন্যপ্ৰাণীৰ খোৱাপানীৰ সমস্যা কিমান দূৰ সমাধান কৰিব? আৰু আঁচনিখনৰ নামত ব্যয় কৰা চৰকাৰী ধনৰ প্ৰকৃত সুফল বন্যপ্ৰাণীয়ে লাভ কৰিবনে?
বন্যপ্ৰাণী সংৰক্ষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিতৰ্কৰ মাজতে বন বিভাগৰ দায়িত্বশীল কৰ্তৃপক্ষই কি স্পষ্টীকৰণ আগবঢ়ায়, সেয়া হ’ব লক্ষণীয়। লগতে পুখুৰী দুটাৰ কাৰ্যকাৰিতা আৰু চৰকাৰী ধনৰ ব্যৱহাৰ সন্দৰ্ভত স্বচ্ছতা নিশ্চিত কৰাটোও এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে।
