দিনৰ ডেৰ বজাৰ পৰা নিশা ১২ বজালৈ প্ৰায় ১০ ঘণ্টা পল্টন বজাৰ আৰক্ষী থানাত উপস্থিত থাকে পাঁচজন লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্তৰ পত্নী জোনমণি গগৈ। আৰক্ষীৰ জেৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ।
জোনমণি গগৈৰ দাবী অনুসৰি, ভৰালী পৰিয়ালৰ বাৰে বাৰে কৰা আহ্বান আৰু হেঁচাৰ বাবেহে ঘনকান্ত সেইদিনা তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ গৈছিল। ঘনকান্তই প্ৰথমে ফোনযোগে কথা পাতিবলৈ বিচাৰিছিল যদিও ভৰালী পৰিয়ালে সন্মুখত বহি কথা পাতিবলৈ বাৰে বাৰে মাতিছিল বুলি তেওঁ উল্লেখ কৰে।
তেওঁৰ ভাষ্য অনুসৰি, ব্যৱসায় বেয়া চলি থকাৰ বাবে ঘনকান্তই হোটেলখন ভৰালী পৰিয়ালক উভতাই দি ছিকিউৰিটি মানি ঘূৰাই বিচাৰিছিল। হোটেলখনৰ ব্যৱসায় ভালদৰে চলি নথকাৰ বাবে জুলাই মাহলৈকে ধন পৰিশোধ কৰাৰ পাছত পৰৱৰ্তী সময়ত ধন দিব পৰা নাছিল বুলিও দাবী কৰে জোনমণিয়ে। অৱশ্যে একেবাৰে কোনো ধন পৰিশোধ কৰা হোৱা নাছিল বুলি কোৱা কথাটোও তেওঁ নাকচ কৰে।
জোনমণিয়ে লগতে কয় যে হোটেলখনত অনৈতিক কাৰ্যকলাপ চলাৰ বিষয়ে তেওঁলোকে পিছতহে জানিব পাৰিছিল। ঘনকান্তই ভৰালী পৰিয়ালক সদায় সন্মান কৰি আহিছিল আৰু সেইদিনা কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ উদ্দেশ্যেৰে যোৱা নাছিল বুলিও দাবী কৰে তেওঁ।
ঘটনাৰ দিনা কেইবাজনো লোকে ঘনকান্তক হেঁচা মাৰি ধৰিছিল বুলি তেওঁ উল্লেখ কৰে। আনকি কোনোমতে তাৰ পৰা ওলাই অহাৰ কথাও ঘনকান্তই কৈছিল বুলি জানিবলৈ দিয়ে। ঘটনা সংঘটিত হোৱাৰ পাছতে ঘনকান্তই প্ৰথমে পত্নীলৈ ফোন কৰিছিল বুলিও স্বীকাৰ কৰে জোনমণিয়ে। লগতে পত্নী আৰু কন্যাক সাৱধানে থাকিবলৈ কৈছিল বুলি দাবী কৰে তেওঁ।
ইফালে, জোনমণি গগৈৰ ভাষ্য অনুসৰি, ঘৰৰ পৰা ওলাই অহাৰ সময়ত তেওঁৰ লগত হোটেলৰ নথি-পত্ৰ আৰু গাড়ীৰ চাবি আছিল। আৰক্ষীয়ে আজি সেই নথি-পত্ৰ আৰু গাড়ীৰ চাবি জব্দ কৰিছে। তদন্তকাৰী আৰক্ষীয়ে গাড়ী আৰু ম’বাইল ফোনকে ধৰি কেইবাটাও সামগ্ৰী জব্দ কৰা বুলিও জানিবলৈ দিয়ে।
কেমেৰা সংযুক্ত চছমাযোৰ ঘনকান্তই সাধাৰণতে পিন্ধি থাকে বুলিও মন্তব্য কৰে জোনমণিয়ে। আনহাতে, ঘৰৰ মালিকে মিছা কথা কৈছে বুলি অভিযোগ কৰি ঘৰটো ভাড়াত দিয়া হৈছিল বুলি দাবী কৰে তেওঁ।
পাঁচজন লোকৰ মৃত্যুৰ ঘটনাত ঘনকান্তৰ দোষ আছে বুলি স্বীকাৰ কৰিও জোনমণিয়ে প্ৰশ্ন কৰে যে তেওঁ কিয় সেই স্থানলৈ গৈছিল, সেই দিশটোও তদন্তৰ আওতালৈ অনা উচিত। মুখ্যমন্ত্ৰীয়ে নিৰপেক্ষভাৱে তদন্ত কৰিলে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰে তেওঁ।
