বিমান যাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা দেশত কাৰ্যকৰী হ’ব বিমানৰ টিকটৰ ভাড়া নিৰ্ধাৰণৰ নতুন নীতি। ‘ভাৰতীয় বায়ুযান নিয়ম, ২০২৬’ (Indian Aircraft Rules, 2026) অনুসৰি যাত্ৰীৰ চাহিদাৰ ওপৰত ভিত্তি কৰি বিমান সংস্থাসমূহে টিকটৰ ভাড়া নিৰ্ধাৰণ কৰিব পাৰিব। অৱশ্যে অত্যধিক ভাড়া আদায় অথবা বিশেষ জৰুৰী পৰিস্থিতিৰ সৃষ্টি হ’লে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব পাৰিব।
নতুন নিয়ম অনুসৰি, চৰকাৰে বিমানৰ টিকটৰ ভাড়াৰ কোনো নিৰ্দিষ্ট সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰা নাই। অৰ্থাৎ যাত্ৰীৰ চাহিদা আৰু পৰিচালন ব্যয়ৰ দৰে বিভিন্ন দিশ বিবেচনা কৰি বিমান সংস্থাসমূহে নিজৰ ভাড়া নিৰ্ধাৰণ কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত ভাড়াৰ স্বচ্ছতা বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে।
শনিবাৰে প্ৰকাশিত চৰকাৰী অধিসূচনা অনুসৰি, প্ৰতিটো বিমান সংস্থাই নিজৰ টিকটৰ ভাড়াৰ সম্পূৰ্ণ তালিকা আৰু আনুষংগিক তথ্য অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক সংস্থা ডিজিচিএৰ (DGCA) ওচৰত নিৰ্ধাৰিত নিয়ম অনুসৰি দাখিল কৰিব লাগিব। লগতে প্ৰতিটো সংস্থাৰ নিজা ৱেবছাইটতো ভাড়াৰ সম্পূৰ্ণ বিৱৰণ প্ৰকাশ কৰিব লাগিব।
বিশেষকৈ টিকট বুকিং কৰাৰ সময়ত যাত্ৰীসকলে যাতে কোনো অতিৰিক্ত খৰচৰ সন্মুখীন হৈ আচৰিত হ’বলগীয়া নহয়, তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। টিকটৰ মূল ভাড়া, বিভিন্ন কৰ, চৰকাৰী মাচুল, টিকট বাতিলৰ মাচুল, ধন ঘূৰাই দিয়াৰ চৰ্ত আৰু অন্যান্য আনুষংগিক খৰচৰ সম্পূৰ্ণ বিৱৰণ বুকিং কৰাৰ সময়তে যাত্ৰীৰ সন্মুখত স্পষ্টকৈ দাঙি ধৰিব লাগিব।
আনহাতে, উৎসৱ-পাৰ্বণ, বিশেষ অনুষ্ঠান অথবা কোনো জৰুৰী পৰিস্থিতিত একাংশ বিমান পথত যাত্ৰীৰ চাহিদা হঠাৎ বৃদ্ধি পোৱাৰ সুযোগ লৈ বিমান সংস্থাসমূহে যাতে অত্যধিক ভাড়া আদায় কৰিব নোৱাৰে, তাৰ প্ৰতিও চৰকাৰে নজৰ ৰাখিব। এনে অস্বাভাৱিক পৰিস্থিতিত প্ৰয়োজন অনুসৰি কেন্দ্ৰীয় চৰকাৰে ভাড়াৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিব পাৰিব।
চৰকাৰী অধিসূচনাত উল্লেখ কৰা অনুসৰি, জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা এনে নিৰ্দেশনা নিৰ্দিষ্ট সময়ৰ বাবেহে কাৰ্যকৰী হ’ব।
উল্লেখ্য যে, নতুন নীতিৰ জৰিয়তে বিমান সংস্থাসমূহে ভাড়া নিৰ্ধাৰণৰ ক্ষেত্ৰত অধিক স্বাধীনতা লাভ কৰিব যদিও যাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ দায়িত্ব চৰকাৰৰ হাততে থাকিব। এতিয়া ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা এই নতুন ব্যৱস্থাই বিমান যাত্ৰীৰ বাবে কিমান পৰিৱৰ্তন কঢ়িয়াই আনে, সেয়া হ’ব লক্ষণীয়।
