এতিয়া আৰু অকলশৰীয়া নহয় কৰবী দেৱীৰ পৰিয়াল, NKTV PLUSত প্ৰকাশিত বাতৰিৰ পিছতে সলনি হ’ল পৰিস্থিতি

Nktv বাতৰিৰ প্ৰভাৱ। অসহায় এটা পৰিয়ালৰ বাতৰি সম্প্ৰচাৰ হৈছিল NKtv plusত। নাছিল ঘৰ, বেংক একাউণ্ট, জব কাৰ্ডৰ লগতে অন্য আচঁনিৰ সুবিধা।ভঙা জুপুৰিত বসবাস কৰিছিল দুৰ্ভগীয়া পৰিয়ালটোৱে।

মংগলদৈ লংকা পুৰীৰ পৰিয়ালটোৰ কাষত বিধায়িকৰ প্ৰতিনিধি। পঞ্চায়ত প্ৰতিনধিকে ধৰি বহু লোকৰ সহায়ৰ হাত পৰিয়ালটোলৈ। চৰকাৰী গৃহৰ ব্যবস্থা নোহোৱা পৰ্যন্ত পশ্চিম মঙলদৈ মণ্ডল বিজেপিয়ে নিৰ্মাণ কৰিব এটা গৃহ। ৰমহৰি পঞ্চায়তে ব্যবস্থা কৰিব বেংক একাউণ্ট, জব কাৰ্ডৰ লগতে অন্য আচঁনিৰ সুবিধাৰ।

ইতিমধ্যে বহু সুহৃদ ব্যক্তি, NGO ই যোগাযোগ কৰিছে পৰিয়ালটোৰ সৈতে। উল্লেখযোগ্য যে শনিবাৰে NKtv ত প্ৰচাৰ হৈছিল মংগলদৈ লংকাপুৰীৰ কৰবী দেৱীয়ে এটা ভগা জুপুৰীত তিনিটা এমাদিমা সন্তানেৰে কিদৰে দুৰ্বিসহ জীবন পাৰ কৰিছিল তাৰ এক প্ৰতিবেদন। উক্ত বাতৰি প্ৰচাৰ হোৱাৰ পিছতেহে গা লৰে পঞ্চায়ত প্ৰতিনিধি, জন প্ৰতিনিধিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related