আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হৈছে। দেওবাৰে টেক্সাছৰ অষ্টিনৰ পৰা বাহামাছৰ ফ্ৰিপ’ৰ্ট অভিমুখে গৈ থকা এখন ব্যক্তিগত লিয়াৰজেট ৬০ (Learjet 60) বিমান ৱেষ্ট পাম বীচ অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই মাটিত খুন্দা মাৰে। বিমানখন মাটিত খুন্দা মৰাৰ লগে লগে ভয়ংকৰ বিস্ফোৰণ ঘটে। আমেৰিকাৰ পৰিবহণ সচিব ছিন ডাফীয়ে বিমানখনত থকা আটাইকেইজন লোকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।
দুৰ্ঘটনাৰ কেইমিনিটমান পূৰ্বে বিমানখনৰ পাইলটে বিমান পৰিবহণ নিয়ন্ত্ৰণ কেন্দ্ৰ (ATC)লৈ প্ৰেৰণ কৰা জৰুৰী বাৰ্তাৰ অডিঅ’ ৰেকৰ্ডিং প্ৰকাশ পোৱাৰ পিছতে ঘটনাটোৱে বিশেষ চৰ্চা লাভ কৰিছে। ৰেকৰ্ডিঙত বিমানখনৰ কৰ্মীসকলৰ শেষ মুহূৰ্তৰ আতংক আৰু অসহায় অৱস্থা স্পষ্ট হৈ পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাৰ পূৰ্বে পাইলটে বিমানখনত বৰফ জমা হোৱা আৰু তীব্ৰ বায়ু-অশান্তিৰ কথা জনাইছিল। বতাহৰ প্ৰচণ্ড জোকাৰণিৰ ফলত বিমানখন প্ৰায় ৭০০ ফুট পৰ্যন্ত ওপৰ-তল হৈছিল। বিমানখনৰ বাহিৰৰ উষ্ণতা মাইনাছ ৪৭ ডিগ্ৰী চেলছিয়াছ বুলি জানিব পৰা গৈছে। পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ কৰ্মীসকলে তুলনামূলকভাৱে শান্ত বতাহ থকা অঞ্চল বিচৰাৰ কথাও আলোচনা কৰিছিল।
কিন্তু কিছু সময়ৰ পিছতে পৰিস্থিতি ভয়াৱহ হৈ পৰে। পাইলটে নিয়ন্ত্ৰণ কেন্দ্ৰলৈ ‘মেডে’ (Mayday) জৰুৰী সংকেত প্ৰেৰণ কৰি কয়, “আমি ৮,০০০ ফুটলৈ নামি আহিছোঁ। মেডে, মেডে! আমি প্ৰতি মিনিটত ১০,০০০ ফুট বেগেৰে তললৈ নামি আহিছোঁ।”
ইয়াৰ পিছতে পাইলটে বিমানখনৰ গতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা আৰু প্ৰতি মিনিটত ২০,০০০ ফুট বেগেৰে তললৈ নামি অহাৰ কথা জনায়। সেই সময়ত ককপিটৰ ভিতৰত সতৰ্কবাণীৰ এলাৰ্মৰ শব্দও শুনিবলৈ পোৱা গৈছিল।
এটা সময়ত পাইলটে আতংকিত কণ্ঠেৰে কয়, “আমি মাটিত খুন্দা মাৰিবলৈ ওলাইছোঁ।” পিছত বিমানখন প্ৰতি মিনিটত ২২,০০০ ফুট বেগেৰে তললৈ নামি অহা আৰু প্ৰায় ৬০ ডিগ্ৰী কোণত হালি পৰা বুলি জনোৱা হয়।
ইফালে, গ্ৰীণএকৰ্ছ (Greenacres) অঞ্চলৰ মিলিটাৰী ট্ৰেইল আৰু ১০ম এভিনিউ নৰ্থৰ ওচৰত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। পাম বীচ কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ে দুৰ্ঘটনাস্থলীৰ দুয়োফালে পথ বন্ধ কৰি দিয়ে আৰু অঞ্চলটোলৈ যান-বাহনৰ চলাচল এৰাই চলিবলৈ ৰাইজক আহ্বান জনায়। অগ্নিনিৰ্বাপক বাহিনীসহ কেইবাটাও জৰুৰীকালীন উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।
উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পঞ্জীয়ন নম্বৰ আছিল N722BD। ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আমেৰিকাৰ ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যন (FAA) আৰু নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশ্যন ছেফটি ব’ৰ্ডে (NTSB) ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাস্থলী পাম বীচ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কেইমাইলমান দূৰত অৱস্থিত। কৰ্তৃপক্ষই এতিয়ালৈকে নিহত লোকসকলৰ পৰিচয় প্ৰকাশ কৰা নাই।
