বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ তৃতীয় দিনাৰ কাৰ্যসূচী দেওবাৰে IIT গুৱাহাটীত অনুষ্ঠিত হয়। ‘তৃতীয় মেৰু আৰু পূব হিমালয়ৰ ভৱিষ্যৎ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ‘পানী আৰু শক্তি’ বিষয়ক লৈ দেশ-বিদেশৰ বিশেষজ্ঞসকলে আলোচনা কৰে।
আলোচনাত ডাৱৰ বিস্ফোৰণ, হিমবাহৰ দ্ৰুত গলন, চিয়াংসহ বৃহৎ নদীবান্ধ নিৰ্মাণ, নদী-জলাশয়ৰ পানী হ্ৰাস আৰু প্ৰাকৃতিক জলসম্পদৰ পৰিৱৰ্তনে পৰিৱেশ তথা মানৱ জীৱনত পেলোৱা প্ৰভাৱৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয়। লগতে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, নদী অৱবাহিকাৰ সুৰক্ষা আৰু স্বচ্ছ শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ পোষকতা কৰা হয়।

পাঁচদিনীয়া এই সন্মিলনত ভাৰতৰ লগতে জাপান, ভূটান, নেপাল, ম্যানমাৰ, থাইলেণ্ড, আমেৰিকা আৰু নিউজিলেণ্ডৰ বিজ্ঞানী, গৱেষক, নীতি-নিৰ্ধাৰক আৰু উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় এহেজাৰ শিক্ষাৰ্থীক জড়িত কৰি গুৱাহাটীৰ পাঁচখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত বিভিন্ন পৰিৱেশ সম্পৰ্কীয় বিষয়ত আলোচনা অনুষ্ঠিত হৈছে। ইয়াৰ অংশ হিচাপে কটন বিশ্ববিদ্যালয় আৰু টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সেছতো ইতিমধ্যে বিশেষ আলোচনা অনুষ্ঠিত হৈছে।
বালিপাৰা ফাউণ্ডেচনৰ ৰঞ্জিত বৰঠাকুৰে কয় যে পৰিৱেশ সংক্ৰান্তীয় সমস্যাসমূহ কেৱল আলোচনাতে সীমাবদ্ধ নাৰাখি নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত কাৰ্যকৰী পৰামৰ্শলৈ ৰূপান্তৰ কৰাই এই মঞ্চৰ মূল লক্ষ্য। লগতে প্ৰকৃতিৰ ক্ষতি নকৰাকৈ উন্নয়ন আৰু স্থানীয় লোকৰ বহনক্ষম জীৱিকাৰ পথ মুকলি কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে, অহা ৪ নৱেম্বৰত এই পাঁচদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি পৰিব।
