অবুজ জীৱৰ বুকুতো থাকে মাতৃৰ অসীম মৰম; ৰাজপথত মাতৃস্নেহৰ কৰুণ ছবি! বাহনৰ খুন্দাত মৃত্যু কুকুৰ পোৱালীক মুখেৰে কঢ়িয়াই নিৰাপদ স্থানলৈ নিলে মাতৃয়ে

তামাৰহাটৰ ৰাজপথত দেখা গ’ল এক হৃদয়বিদাৰক দৃশ্য। যি দৃশ্যই আৱেগিক কৰি তুলিব যিকোনো হৃদয়বান লোকক। ১২৭(বি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ তামাৰহাট বজাৰৰ সমীপত এখন বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাবটি লয় এটি কুকুৰৰ পোৱালিয়ে।

কিন্তু পোৱালিটোৰ মৃত্যুৰ পিছতো তাক এৰি নগ’ল মাতৃ কুকুৰজনীয়ে। মৃত পোৱালিটোক যেন পুনৰ জীৱন দিয়াৰ আপ্ৰাণ চেষ্টা চলালে মাতৃয়ে। ব্যস্ত ৰাজপথত যান-বাহনৰ চলাচলৰ মাজতো নিজৰ সন্তানক এৰি আঁতৰি নগ’ল কুকুৰজনী।

পৰৱৰ্তী সময়ত মৃত পোৱালিটোক মুখেৰে কামুৰি ৰাজপথৰ পৰা নিৰাপদ স্থানলৈ লৈ যায় মাতৃ কুকুৰজনীয়ে। মাতৃস্নেহৰ এই কৰুণ দৃশ্যই উপস্থিত লোকসকলৰ লগতে দৃশ্যটো প্ৰত্যক্ষ কৰা সকলোৰে হৃদয় স্পৰ্শ কৰিছে।

এই ঘটনাই পুনৰ এবাৰ বাহন চালকসকলক সাৱধান হোৱাৰ আহ্বান জনাইছে। সামান্য অসাৱধানতাৰ বাবে যাতে কোনো মানুহ অথবা অবুজ জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাৰ প্ৰতি সকলোৱে সচেতন হোৱা প্ৰয়োজন।

আনহাতে, মাতৃস্নেহৰ এই দৃশ্যই মানুহৰ বাবেও এক গভীৰ বাৰ্তা কঢ়িয়াই আনিছে। যি পিতৃ-মাতৃৰ স্নেহ আৰু মৰমত আমি ডাঙৰ-দীঘল হওঁ, জীৱনৰ এটা সময়ত সেই পিতৃ-মাতৃকে বৃদ্ধাশ্ৰমলৈ পঠিয়াবলৈ বহুতে কুণ্ঠাবোধ নকৰোঁ। অথচ এটা অবুজ জীৱইও নিজৰ সন্তানৰ প্ৰতি থকা দায়িত্ব আৰু মমতাৰ নিদৰ্শন দাঙি ধৰিলে।

তামাৰহাটৰ ৰাজপথৰ এই দৃশ্য কেৱল এটা দুৰ্ঘটনাৰ ছবি নহয়, ই মাতৃস্নেহ, দায়িত্ববোধ আৰু মানৱীয়তাৰ এক নীৰৱ বাৰ্তা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related