ISROৰ আন এক বৃহৎ সফলতা! ভাৰতৰ নিজা GPS ব্যৱস্থা শক্তিশালী কৰিবলৈ নতুন উপগ্ৰহ উৎক্ষেপণ, সফলতাৰে মহাকাশলৈ গ’ল ISROৰ NVS-03

ভাৰতৰ নিজা নেভিগেচন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ISROৰ পৰৱৰ্তী প্ৰজন্মৰ উপগ্ৰহৰ সফল উৎক্ষেপণ

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আন এক নতুন সফলতা। দেশৰ নিজা নেভিগেচন ব্যৱস্থা অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে শুকুৰবাৰে নিশা সফলতাৰে উৎক্ষেপণ কৰা হয় ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ নেভিগেচন উপগ্ৰহ NVS-03। জিঅ’ছিংক্ৰ’নাছ ছেটেলাইট লঞ্চ ভেহিকল (GSLV-F18) ৰকেটৰ জৰিয়তে এই উপগ্ৰহটো উৎক্ষেপণ কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISROই।

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় উপগ্ৰহটো। এয়া আছিল GSLVৰ ২০সংখ্যক উৎক্ষেপণ। ভাৰতৰ নিজা নেভিগেচন ব্যৱস্থা ‘NavIC’ক অধিক শক্তিশালী আৰু স্বনিৰ্ভৰশীল কৰি তোলাই এই অভিযানৰ মূল লক্ষ্য।

ISROৰ তথ্য অনুসৰি, নেভিগেচন ব্যৱস্থাটোৰ বাবে প্ৰয়োজনীয় ন্যূনতম সক্ৰিয় উপগ্ৰহৰ সংখ্যা তিনিটালৈ হ্ৰাস পাইছিল। চতুৰ্থটো উপগ্ৰহ সফলতাৰে কক্ষপথত স্থাপন হোৱাৰ ফলত ভাৰতৰ নিজা স্বতন্ত্ৰ পজিচনিং সেৱা পুনৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাৰ পথ মুকলি হৈছে।

শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১১ বাজি ৫১ মিনিটত ২,২৫০ কিলোগ্ৰাম ওজনৰ NVS-03 উপগ্ৰহটো কঢ়িয়াই GSLV-F18 ৰকেটটোৱে মহাকাশলৈ উৰা মাৰে। উপগ্ৰহটো জিঅ’ছিংক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিটত স্থাপন কৰা হ’ব।

এই উপগ্ৰহটোত পাৰমাণৱিক ঘড়ীৰ লগতে আহমেদাবাদস্থিত স্পেচ এপ্লিকেচন চেণ্টাৰে (SAC) নিৰ্মাণ কৰা সম্পূৰ্ণ থলুৱা ৰুবিডিয়াম পাৰমাণৱিক ঘড়ী ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰি প্ৰথমবাৰৰ বাবে L1 ছিগনেল সংযোজন কৰা হৈছে। ইয়াৰ ফলত সাধাৰণ লোকৰ স্মাৰ্টফোন আৰু বাহনৰ নেভিগেচন ব্যৱস্থা অধিক উন্নত হোৱাৰ সম্ভাৱনা আছে।

উপগ্ৰহটোৱে ভাৰতৰ সীমান্তৰ পৰা প্ৰায় ১,৫০০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলত সঠিক ভৌগোলিক অৱস্থান, গতিবেগ আৰু সময়ৰ তথ্য প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি জানিব পৰা গৈছে।

কেৱল সাধাৰণ নেভিগেচন ব্যৱস্থাই নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰতো এই উপগ্ৰহৰ বিশেষ গুৰুত্ব আছে। ‘অপাৰেচন সিন্দূৰ’ৰ দৰে সামৰিক অভিযানত ভাৰতৰ নিজা GPS সদৃশ NavIC ছিগনেলৰ প্ৰয়োজনীয়তা আছে। সেয়েহে NVS-03ৰ সফল উৎক্ষেপণে দেশৰ প্ৰতিৰক্ষা আৰু নেভিগেচন ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related