‘ভোট চুৰি’ক লৈ ৰাজনৈতিক সংঘাত তুংগত! ৰাহুল-অখিলেশলৈ অমিত শ্বাহৰ পোনপটীয়া প্ৰত্যাহ্বান! সংসদত আহি ভোট চুৰিৰ কথা পাতিবলৈ আহ্বান অমিত শ্বাহৰ

বিৰোধীয়ে উত্থাপন কৰা ‘ভোট চুৰি’ৰ অভিযোগক লৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি আলোচনাত বহিবলৈ সাজু বিজেপি। কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই আলোচনাত সন্মতি নিদিয়ে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শুকুৰবাৰে লক্ষ্ণৌত দলীয় কৰ্মীসকলক সম্বোধন কৰি এই মন্তব্য কৰে শ্বাহে।

অমিত শ্বাহে কয়, “ভোট চুৰিৰ অভিযোগক লৈ আলোচনা কৰিবলৈ মই সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিবলৈ সাজু। কিন্তু ৰাহুল বাবাই কেতিয়াও সন্মতি নিদিয়ে। তেওঁ কেতিয়াও সংসদত এই বিষয়ত আলোচনা নকৰে, বৰং ৰাজপথত হুলস্থুলহে সৃষ্টি কৰিব।”

তেওঁ লগতে কয়, “মই ৰাহুল গান্ধী আৰু অখিলেশ যাদৱক প্ৰত্যাহ্বান জনাইছোঁ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰতিটো অভিযোগৰ বিষয়ে সংসদৰ ভিতৰত আলোচনা কৰক। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহ ভিত্তিহীন। কিন্তু তেওঁলোকে আলোচনা নিবিচাৰে, তেওঁলোকে ৰাজপথত নাটক কৰিব বিচাৰে।”

উল্লেখ্য যে, শনিবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ‘ৰাজহুৱা অভিশংসন’ৰ কাৰ্যসূচী গ্ৰহণৰ পৰিকল্পনা কৰিছে বিৰোধী পক্ষই। ইয়াৰ পিছদিনা অৰ্থাৎ দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত বৃহৎ প্ৰতিবাদী সমাৱেশৰো আয়োজন কৰিছে INDIA মিত্ৰজোঁটে। গণতন্ত্ৰ ধ্বংস কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদৰ পৰিকল্পনা কৰিছে বিৰোধীয়ে।

প্ৰথমে শুকুৰবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত ‘ৰাজহুৱা অভিশংসন’ৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু অপ্ৰত্যাশিত বৰষুণৰ বাবে কাৰ্যসূচী স্থগিত ৰাখিবলগীয়া হয়।

ইফালে, ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (Special Intensive Revision বা SIR)ক লৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰিছে বিৰোধীয়ে। বিৰোধীৰ অভিযোগ অনুসৰি, নিৰ্বাচন আয়োগে শাসকীয় বিজেপিক নিৰ্বাচনী সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে কৌশলগতভাৱে ভোটাৰ তালিকা সংশোধনৰ অভিযান চলাইছে।

বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ দিনজোৰা বৈঠকত ভাষণ প্ৰদান কৰি অমিত শ্বাহে বিজেপিৰ নিৰ্বাচনী সফলতাৰ সৈতে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ নিৰ্বাচনী প্ৰদৰ্শনৰ তুলনা কৰে। ওড়িশা আৰু পশ্চিম বংগৰ দৰে ৰাজ্যত বিজেপিয়ে কেনেদৰে ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ল, সেই বিষয়েও উল্লেখ কৰে তেওঁ।

আনহাতে, অখিলেশ যাদৱ আৰু ৰাহুল গান্ধীয়ে নিজৰ নেতৃত্বত দলক ক্ষমতালৈ আনিবলৈ সক্ষম হোৱা নাই বুলি মন্তব্য কৰে শ্বাহে। সমাজবাদী পাৰ্টিয়ে শেষবাৰৰ বাবে ক্ষমতা দখল কৰিছিল দলটোৰ প্ৰতিষ্ঠাপক তথা অখিলেশ যাদৱৰ পিতৃ মুলায়ম সিং যাদৱৰ জীৱিত অৱস্থাতহে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

শ্বাহে কয়, “আপোনালোকে নিজৰ শক্তিৰে এটাও নিৰ্বাচন জিকিব পৰা নাই। ৰাহুল বাবাৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য।”

নিৰ্বাচনত পৰাজয়ৰ পিছত বিৰোধীয়ে নিৰ্বাচনৰ ফলাফলৰ বাবে নিৰ্বাচনী ব্যৱস্থাক দোষাৰোপ কৰা বুলি অভিযোগ কৰি অমিত শ্বাহে কয়, “মেচখনত পৰাজিত হোৱাৰ পিছত এতিয়া তেওঁলোকে আম্পায়াৰক দোষাৰোপ কৰিছে আৰু ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে।”

বিৰোধীৰ ভোট চুৰিৰ অভিযোগ আৰু নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ চলি থকা ৰাজনৈতিক বিতৰ্কৰ মাজতে অমিত শ্বাহৰ এই মন্তব্যই দেশৰ ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related