ঘনকান্ত গগৈৰ পইণ্ট ৩২ পিষ্টলৰ অনুজ্ঞাপত্ৰক লৈ ৰহস্য; ঘনকান্তৰ পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ

ঘনকান্ত গগৈয়ে ব্যৱহাৰ কৰা পইণ্ট ৩২ পিষ্টলটোৰ অনুজ্ঞাপত্ৰক লৈ সৃষ্টি হৈছে নতুন ৰহস্যৰ। ঘনকান্তৰ পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছিল All India Validity (AIV) অৰ্থাৎ সৰ্বভাৰতীয় পৰ্যায়ৰ। কিন্তু কি যোগ্যতা আৰু চৰ্তৰ ভিত্তিত ঘনকান্ত গগৈয়ে লাভ কৰিছিল এই বিশেষ অনুজ্ঞাপত্ৰ? সেই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।

উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ থাকিব লাগে বিশেষ যোগ্যতা। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ বিষয়া-কৰ্মচাৰী, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ সদস্য, আৰক্ষী তথা ৰাজ্যিক সেৱাৰ এনে বিষয়া-কৰ্মচাৰী, যিসকলৰ চাকৰিৰ সূত্ৰে দেশৰ বিভিন্ন প্ৰান্তলৈ সঘনাই বদলি হ’বলগীয়া হয়, তেওঁলোকে এই অনুজ্ঞাপত্ৰ লাভৰ বাবে যোগ্য বিবেচিত হ’ব পাৰে।

ইয়াৰ উপৰি ব্যৱসায়িক কাৰণত নিয়মীয়াকৈ একাধিক ৰাজ্যলৈ যাত্ৰা কৰিবলগীয়া হোৱা আৰু নগদ ধন কঢ়িওৱা অথবা ব্যক্তিগত নিৰাপত্তাৰ ভাবুকিৰ সন্মুখীন হোৱা ব্যৱসায়ী আৰু কৰ্প’ৰেট খণ্ডৰ বিষয়াসকলেও নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিলে এনে অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰে।

ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ, সাংসদ আৰু বিধায়কসকলেও নিৰ্ধাৰিত যোগ্যতাৰ ভিত্তিত সৰ্বভাৰতীয় পৰ্যায়ৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰে। তদুপৰি কোনো ব্যক্তিৰ সমগ্ৰ দেশজুৰি প্ৰাণনাশৰ প্ৰত্যক্ষ আৰু প্ৰমাণিত ভাবুকি থাকিলেও এই অনুজ্ঞাপত্ৰৰ বাবে বিবেচিত হোৱাৰ সুযোগ থাকে।

অস্ত্ৰ নিয়মাৱলী, ২০১৬ অনুসৰি সৰ্বভাৰতীয় বৈধতা প্ৰদানৰ ক্ষেত্ৰত সংশ্লিষ্ট অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষৰ নিৰ্ধাৰিত ক্ষমতা আৰু নিয়ম প্ৰযোজ্য। এই ক্ষেত্ৰত ৰাজ্যিক গৃহ বিভাগ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে, নাগালেণ্ডত কি যোগ্যতা আৰু চৰ্তৰ ভিত্তিত ঘনকান্ত গগৈয়ে লাভ কৰিছিল সৰ্বভাৰতীয় পৰ্যায়ৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ? এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। ইতিমধ্যে নাগালেণ্ডৰ গৃহ বিভাগৰ সৈতেও যোগাযোগ আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘনকান্ত গগৈৰ পিষ্টলৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া, তেওঁৰ যোগ্যতা আৰু সংশ্লিষ্ট নথি-পত্ৰ পৰীক্ষা কৰাৰ দিশত আগবাঢ়িছে তদন্তকাৰী দল। আৰক্ষীৰ অনুসন্ধানত এই অনুজ্ঞাপত্ৰ লাভৰ আঁৰৰ প্ৰকৃত তথ্য কি পোহৰলৈ আহে, এতিয়া সেয়াই হ’ব লক্ষণীয়।

আনহাতে, আত্মসমৰ্পণ ঘনকান্তৰ পত্নী জোনমণি গগৈৰ। ধেমাজি থানাত আত্মসমৰ্পণ জোনমণি গগৈৰ। পুৱাই চাৰিচকীয়া বাহনেৰে ধেমাজি থানাত জোনমণি গগৈ
নম্বৰপ্লেটবিহীন গাড়ীৰে থানাত উপস্থিত জোনমণি গগৈ। শুকুৰবাৰে NKTVক জোনমণিয়ে জনাইছিল বহু বিস্ফোৰক তথ্য সাক্ষাৎকাৰৰ পিছতে আত্মসমৰ্পণ জোনমণি গগৈৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...