গুৱাহাটীস্থিত হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ আচৰণক লৈ এতিয়া চৰ্চা চলিছে। আৰক্ষীৰ জিম্মাত থকা ঘনকান্তই খাদ্য খাবলৈ দিয়া হ’লেও নাখায় আৰু তদন্তকাৰীয়ে প্ৰশ্ন সুধিলেও ভালদৰে উত্তৰ নিদিয়ে বুলি জানিব পৰা গৈছে। হত্যাকাণ্ডৰ পিছত মানসিক চাপত ভুগিছে নে আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে, সেই দিশো পৰীক্ষা কৰি আছে তদন্তকাৰী দলে।
ইফালে, সাউকুচিৰ ভাড়াঘৰত আৰক্ষীয়ে অভিযান চলাই কেইবাখনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিছে। উদ্ধাৰ হোৱা নথিসমূহৰ ভিতৰত বিভিন্ন ঋণ আৰু লিজত লোৱা ব্যৱসায়ৰ সৈতে জড়িত কাগজ-পত্ৰও আছে।
আনহাতে, ভাড়াঘৰত থকা ঘনকান্তৰ বিলাসী হাৰিয়াৰ বাহনখনৰ চাবি উদ্ধাৰ হোৱা নাই। বাহনখনৰ চাবি ক’ত আছে, সেই বিষয়েও আৰক্ষীক একো জনোৱা নাই ঘনকান্তই। বাহনখন ভাড়াঘৰৰ পৰা ক্ৰেণৰ সহায়ত টানি অনাৰ পৰিকল্পনা কৰিছে আৰক্ষীয়ে।
তদন্তৰ আন এক দিশত, কেমেৰা সংস্থাপিত ছানগ্লাছযোৰ ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, ঘনকান্ত গগৈয়ে GK News নামৰ এটা নিউজ প’ৰ্টেলো মুকলি কৰিছিল। প’ৰ্টেলটোত কেইবাজনো কৰ্মচাৰীক নিয়োগ কৰাৰ পিছতো তেওঁলোকক প্ৰাপ্য দৰমহা আদায় নিদিয়াৰ অভিযোগ উঠিছে। পৰৱৰ্তী সময়ত প’ৰ্টেলটো বন্ধ কৰি ঘনকান্তই পলায়ন কৰিছিল বুলিও জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে, নিউজ প’ৰ্টেলটো মুকলি কৰাৰ পিছতে ঘনকান্তই নিজৰ বাহনত ‘PRESS’ লিখা ষ্টিকাৰ লগাইছিল। সাউকুচিৰ ভাড়াঘৰত থকা তেওঁৰ হাৰিয়াৰ বাহনখনতো এতিয়াও দেখা গৈছে ‘PRESS’ লিখা। এই সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
