বয়স মাত্ৰ দশম শ্ৰেণীত পঢ়াৰ, কিন্তু উদ্ভাৱনী চিন্তা আৰু কাৰিকৰী দক্ষতাৰে সকলোকে চমকিত কৰিছে ধেমাজিৰ গোগামুখৰ কিশোৰ দীপজোন দাসে। পুৰণি মাৰুতি ৮০০ৰ ইঞ্জিন ব্যৱহাৰ কৰি বলীউডৰ জনপ্ৰিয় ছবি ‘টাৰ্জান দ্য ৱাণ্ডাৰ কাৰ’ৰ আৰ্হিত নিজস্ব ডিজাইনেৰে এখন গাড়ী নিৰ্মাণ কৰি উলিয়াইছে ছাত্ৰজনে।

গোগামুখৰ মহৰীকেম্প শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ দীপজোনে পিতৃ-মাতৃৰ সহযোগত প্ৰায় এক লাখ টকা ব্যয় কৰি গাড়ীখন নিৰ্মাণ কৰিছে। গাড়ীখনৰ ডিজাইন আৰু নিৰ্মাণকাৰ্যৰ অধিকাংশ কাম নিজেই সম্পন্ন কৰিছে তেওঁ।

নিজৰ চখ আৰু উদ্ভাৱনী চিন্তাক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে দীপজোনে গ্ৰহণ কৰা এই প্ৰচেষ্টাই ইতিমধ্যে অঞ্চলটোত চৰ্চা লাভ কৰিছে। গাড়ীখন চাবলৈ তেওঁৰ সহপাঠী আৰু আন ছাত্ৰ-ছাত্ৰীৰ সঘন আহ-যাহ পৰিলক্ষিত হৈছে।
পঢ়া-শুনাতো মেধাৱী দীপজোনৰ এই ব্যতিক্ৰমী পদক্ষেপে যুৱ প্ৰজন্মৰ সৃষ্টিশীলতা, আত্মবিশ্বাস আৰু কাৰিকৰী দক্ষতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
