তামিলনাডুৰ এখন কাৰাগাৰত ১৭জন বন্দীয়ে সংঘটিত কৰিলে আজৱ কাণ্ড। কিন্তু জে’লৰ পৰা পলায়ন কৰিলেও বাহিৰত মুক্ত হৈ থকাৰ পৰিকল্পনা অৱশ্যে বেছি দিন নিটিকিল। প্ৰায় ৩৬ ঘণ্টাৰ অভিযানৰ অন্তত আটাইকেইজনকে পুনৰ আটক কৰিলে আৰক্ষীয়ে!
ঘটনাটো তামিলনাডুৰ থেনি জিলাৰ থেক্কামপট্টি কাৰাগাৰৰ। সোমবাৰে নিশা প্ৰায় ১০ বাজি ৩০ মিনিটত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ তথ্য অনুসৰি, কাৰাগাৰৰ এটা কোঠাত আছিল ১৮জন বিচাৰাধীন বন্দী। ইয়াৰে এজন বন্দীয়ে মৃগীৰোগত আক্ৰান্ত হোৱাৰ ভুৱা অভিনয় কৰে। বন্দীজনক সহায় কৰিবলৈ অহা জে’লৰক্ষীক আন বন্দীসকলে আক্ৰমণ কৰি নিয়ন্ত্ৰণলৈ আনে।
ইয়াৰ পিছতে বন্দীসকলে কোঠাৰ পৰা ওলাই আন দুজন জে’লৰক্ষীকো আক্ৰমণ কৰে। তাৰ পিছত চাবি কাঢ়ি লৈ কাৰাগাৰৰ মূল দুৱাৰ খুলি পলায়ন কৰে ১৭জন বন্দী। আনহাতে, এজন বন্দী লগে লগে কাৰাগাৰলৈ উভতি আহে।
এতিয়া প্ৰশ্ন হ’ল, কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা ক’ত আছিল?
২০০জন বন্দী ৰখাৰ ক্ষমতাসম্পন্ন কাৰাগাৰত আছিল ৩৩৪জন বন্দী! অৰ্থাৎ নিৰ্ধাৰিত ক্ষমতাতকৈ বহু বেছি বন্দী থকাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো দেখা গ’ল গুৰুতৰ গাফিলতি।
আটাইতকৈ আচৰিত কথাটো হ’ল, ঘটনাৰ সময়ত কৰ্তব্যত আছিল মাত্ৰ চাৰিজন জে’লৰক্ষী। ৰাজ্যৰ নিৰ্ধাৰিত ১:৬ অনুপাত অনুসৰি ২০০জন বন্দীৰ বাবে প্ৰয়োজন আছিল ৩৪জন কৰ্মচাৰীৰ। এনে পৰিস্থিতিত বন্দীসকলৰ পলায়নে কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
ইফালে, বন্দীসকল পলায়ন কৰাৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হয় ব্যাপক অভিযান। পলাতক বন্দীসকলক বিচাৰি আৰক্ষীয়ে ব্যৱহাৰ কৰে ড্ৰোন, চিচিটিভি ফুটেজ বিশ্লেষণ আৰু আধুনিক প্ৰযুক্তি।
কোনোবা বন্দী ধৰা পৰিল বাছ আস্থানত, কোনোবা আকৌ ধৰা পৰিল টুকটুকত যাত্ৰা কৰি থকা অৱস্থাত। আনহাতে, কাৰাগাৰৰ ওচৰৰ এখন জংঘলত ড্ৰোনেৰে চলোৱা অভিযানত আটক কৰা হয় আন কেইবাজনো পলাতক বন্দীক।
এনেদৰেই পৰ্যায়ক্ৰমে আৰক্ষীৰ জালত পৰে পলাতকসকল। বুধবাৰে অন্তিম দুজন বন্দীয়েও আত্মসমৰ্পণ কৰে। প্ৰায় ৩৬ ঘণ্টীয়া অভিযানৰ অন্তত ১৭জন পলাতক বন্দীকে পুনৰ আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
অৰ্থাৎ, জে’লৰ পৰা ওলাই যোৱাৰ পৰিকল্পনা সফল হ’ল যদিও বাহিৰত মুক্ত হৈ থকাৰ পৰিকল্পনা অৱশ্যে সফল নহ’ল!
ঘটনাটোৰ পিছতে নিৰাপত্তাৰ গাফিলতিৰ অভিযোগত ৯জন জে’ল কৰ্মচাৰীক নিলম্বন কৰা হৈছে। ইয়াৰ লগতে ৰাজ্যৰ সকলো কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে কৰ্তৃপক্ষই।
তামিলনাডুৰ কাৰাগাৰ বিভাগৰ সঞ্চালক প্ৰধান সন্দীপ ৰাথোৰে এই ঘটনাক ‘মানৱীয় ভুল’ বুলি অভিহিত কৰিছে। আনহাতে, কাৰাগাৰৰ কোনো কৰ্মচাৰীৰ সৈতে বন্দীসকলৰ গোপন বুজাবুজি আছিল নেকি, সেই সম্ভাৱনাও পৰীক্ষা কৰি আছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, পলায়ন কৰা আটাইকেইজনেই আছিল বিচাৰাধীন বন্দী। পুনৰ আটক কৰাৰ পিছত তেওঁলোকক উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে।
এই ঘটনাই পুনৰ এবাৰ ভাৰতৰ কাৰাগাৰসমূহত বন্দীৰ অতিৰিক্ত ভিৰ, কৰ্মচাৰীৰ অভাৱ আৰু নিৰাপত্তা ব্যৱস্থাৰ দুৰ্বলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
কাৰণ, জে’লৰ মূল দুৱাৰ খুলি পলায়ন কৰাটো হয়তো সম্ভৱ, কিন্তু আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন মুক্ত হৈ থকাটো ইমান সহজ নহয়!
